Breaking

বেজেৰাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা শিবিৰ

0 1,580

আয়ুৰ্বেদিক চিকিৎসা সন্থা (AMO) অসমৰ উদ্যোগত উত্তৰ গুৱাহাটী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বেজেৰা মণ্ডলৰ বি:জে:পিৰ সহযোগত বানপীড়িত ৰাইজৰ সুবিধাৰ্থে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে৷ বেজেৰাস্থিত বৰবংশৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা এই বিনামূলীয়া চিকিৎসা শিবিৰটো মুকলি কৰে বিজেপি বেজেৰা মণ্ডলৰ সভাপতি দিলীপ চন্দ্ৰ ডেকাই। প্ৰায় ১৫ গৰাকী চিকিৎসকে চিকিৎসা প্ৰদান কৰা আজিৰ স্বাস্থ্য শিবিৰটো সহস্ৰাধিক ৰোগীয়ে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰে৷

চিকিৎসা শিবিৰটোৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে উত্তৰ গুৱাহাটী স্বাস্থ্যকেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডা°মুনীন্দ্ৰ চমুৱা, বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰৰ উপ অধীক্ষক ডা° সবীন চন্দ্ৰ দাস প্ৰমুখ্যে স্বাস্থ্য বিষয়া নৱ বৈশ্য প্ৰমুখ্যে কেইবাগৰাকীও চিকিৎসক৷

মান্দাকাটাৰ পৰা ইফ্তাজুল হকৰ প্ৰতিবেদন

Leave A Reply