Breaking

পশ্চিম যোৰহাটৰ মিচিমিআতি কুমাৰ প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

0 1,085

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত, বৰুৱা চার্জিকেল চেণ্টাৰ আৰু বেচৰকাৰী অনুষ্ঠান “অনেক”ৰ সহযোগত ১ মে’ত পশ্চিম যোৰহাটৰ মিচিমিআতি কুমাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। স্হানীয় গ্ৰাম্য ৰাইজৰ সুবিধাৰ্থে আয়োজন কৰা উক্ত স্বাস্থ্য শিবিৰত শিশু ৰোগ বিশেষজ্ঞ, স্ত্ৰী ৰোগ বিশেষজ্ঞ,ঔষধ বিভাগৰ বিশেষজ্ঞৰ লগতে স্নায়ু ৰোগৰ বিশেষজ্ঞ সকলে উপস্থিত থাকি, ৰোগীক সেৱা আৰু পৰামৰ্শ আগবঢ়ায়। ডা: অমৃত কুমাৰ শইকীয়া,ডা: এ.কে. শৰ্মা,ডা: নিখিল ৰাজখোৱা,ডা: বিপুল কুৰ্মীয়ে স্বাস্হ্য পৰীক্ষা কৰাৰ অন্তত বিনামূলীয়া ঔষধো যোগান ধৰে। এই ক্ষেত্ৰত বিশেষ ভাবে সহযোগিতা আগবঢ়ায় মিণ্টু গগৈ,মনোজ বৰুৱা,গৰিমা বৰা,পূৰৱী গগৈ,অসীমা বেগম আৰু প্ৰণৱজ্যোতি শৰ্মাই। দিনৰ ১১ বজাত অনুষ্ঠিত শিবিৰ উদ্ধোধনী অনুষ্ঠানত পশ্চিম যোৰহাট সাংবাদিক সংস্হাৰ সভাপতি ৰমেন শইকীয়া,মাহেকীয়া জনপ্ৰিয় সাহিত্য আলোচনী”দিগদৰ্শন”ৰ সম্পাদক তথা সাংবাদিক পংকজ কুমাৰ দাস বিশিষ্ট অতিথিৰূপে উপস্হিত আছিল।

শিবিৰলৈ যথা সময়ত স্হানীয় সকলো ৰাইজ আহি স্বাস্হ্য বিশেষজ্ঞ সকলৰ পৰা প্ৰয়োজনীয় পৰামৰ্শৰ লগতে বিনামূলীয়া সেৱা সমূহ গ্ৰহণ কৰি সহযোগিতা দিয়াত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৰফৰ পৰা খগেন দাসে স্থানীয় ৰাইজলৈ ধন্যবাদ জনোৱাৰ লগতে গ্ৰামাঞ্চলত এনে শিৱিৰৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰি পুনৰ এনে এক শিৱিৰ পশ্চিম যোৰহাটৰ ম’হবন্ধা অঞ্চলত অনুষ্ঠিত কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে।উল্লেখ্য যে আজি অনুষ্ঠিত এই শিৱিৰত প্ৰায় ডেৰশৰো অধিক ব্যক্তিয়ে স্বাস্হ্য পৰীক্ষা কৰি উপকৃত হয়।

Leave A Reply