Breaking

মানকাচৰৰ ঝগৰাৰচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱস উপলক্ষে বিনামূলীয়া চিকিৎসা শিবিৰ

0 44

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্ম দিৱস উপলক্ষে মানকাচৰ ঝগৰাৰচৰ ডাকেৰগাওঁ ঈদগাহ ময়দানত দিনজোৰা কাৰ্যসূচীৰে আজি বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।

উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা চিকিৎসা কোষ আৰু মানকাচৰ মণ্ডলৰ উদ্যোগত আয়োজিত উক্ত চিকিৎসা শিবিৰত জিলা খনৰ বহু কেইজন চিকিৎসক উপস্থিত থাকি উক্ত এলেকাৰ কেইবা শতাধিক ৰোগীক সেৱা আগবঢ়ায়। উক্ত কাৰ্যসূচীত জিলা বিজেপিৰ সভাপতি শ্ৰী অধীৰ চন্দ্ৰ দাস আৰু অন্যান্য বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াৰ লগতে প্ৰায় দুই শতাধিক সাধাৰণ বিজেপি কৰ্মী উপস্থিত থাকে।

নামনি অসমৰ শেষ প্ৰান্তত , প্ৰধান মন্ত্ৰীৰ জন্মদিনৰ সেৱা পষেক অনুষ্ঠানৰ অংশ ৰূপে আজিৰ কাৰ্য্যসূচীৰ ৰাইজৰ চিকিৎসা সেৱা উল্লেখনীয়।

মানকাচৰৰ পৰা আশিক ইকবাল হোচেইনৰ প্ৰতিবেদন

Leave A Reply