Breaking

বানপীড়িত ৰাইজৰ সুবিধাৰ্থে আয়ুৰ্বেদিক চিকিৎসা সংস্থা (AMO) আৰু মলং ন-জোৱান সংঘৰ সহযোগিতাত বিনামূলীয়া চিকিৎসা শিবিৰ …

0 132

আজি চাংসাৰি মলং প্ৰাথমিক বিদ্যালয়ত বানপীড়িত ৰাইজৰ সুবিধাৰ্থে এক বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হয়। আয়ুৰ্বেদিক চিকিৎসা সংস্থা (AMO) আৰু মলং ন-জোৱান সংঘৰ সহযোগত আয়োজন কৰা উক্ত চিকিৎসা শিৱিৰত বিশিষ্ট অতিথি হিচাপে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিত ডেকা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গুণিন্দ্ৰ দেৱ শৰ্মা, মহকুমা চিকিৎসা বিষয়া, উত্তৰ গুৱাহাটী প্ৰাথমিক চিকিৎলয়ৰ চিকিৎসক ডাঃ মুনিন্দ্ৰ চমুৱা, আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ সভাপতি ডাঃ অৰবিন্দ দাস প্ৰমুখ্যে অন্যান্য গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।

উক্ত শিৱিৰত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ দ্বাৰা লোৱা এই প্ৰচেষ্টাৰ শলাগ লয় আৰু ভৱিষ্যতৰ সময়তো এনেধৰণৰ স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰি আৰ্তজনক সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

বানপীড়িত আৰু দুখীয়া ৰাইজৰ সুবিধাৰ্থে আয়ুৰ্বেদিক চিকিৎসা সংস্থাই বিগত দিনবোৰত অসমৰ বিভিন্ন জিলাৰ লগতে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীৰ বেজেৰা, মলং আদি ভিতৰুৱা অঞ্চলসমূহত এনে শিৱিৰ অনুষ্ঠিত কৰি চিকিৎসাৰ লগতে স্বাস্থ্যজনিত সজাগতা সৃষ্টিত উদ্যোগ লৈ আহিছে। যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গুণিন্দ্ৰ নাথ দেৱ শৰ্মাই দ্বাৰ মুকলি কৰা শিৱিৰটোত প্ৰায় ২০ জনৰো অধিক মেডিচিন, প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগ, চকু, নাক-কাণ-ডিঙি, শল্য, দন্ত, শিশুৰোগ, বাৰ্ধক্যজনিত ৰোগৰ বিশেষজ্ঞ চিকিৎসকে সেৱা আগবঢ়োৱাৰ উপৰি প্ৰায় ৫২০ গৰাকী ৰোগীক চিকিৎসা আগবঢ়োৱা হয়।

Leave A Reply