Breaking

জামুগুৰিহাটত যুৱতী-মহিলাৰ আত্মৰক্ষাৰ বাবে সমৰকলাৰ বিনামুলীয়া প্ৰশিক্ষণ

0 40

দৈনন্দিন বাৰ্তাৰ সেৱা, জামুগুৰিহাট, ৪ নৱেম্বৰঃ ৰাজ্যত দিনে নিশাই বৃদ্ধি পাই আহিছে নাৰী নিৰ্য্যাতন, হত্যা, ধৰ্ষন, লুণ্ঠনৰ ঘটনা৷ মহিলা তথা যুৱতী সকলৰ লগত হোৱা এনে অপৰাধমুলক কাৰ্যকলাপক প্ৰত্যাহ্বান জনাবলৈ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আৰম্ভ কৰিছে এক ব্যতিক্ৰমী সমৰকলাৰ প্ৰশিক্ষন।

“সমৰকলাও হ’ব পাৰে আত্মৰক্ষাৰ পথ” শীৰ্ষক লক্ষ্য লৈয়েই চলিছে প্ৰশিক্ষণ৷ জামুগুৰিহাটৰ পৰিদৰ্শন বাংলা চৌহদৰ জামুগুৰি বহাগী মেলা বাকৰিত প্ৰতি সপ্তাহৰ ৰবিবাৰৰ দিনটোত  প্ৰায় অৰ্ধশতাধিক মহিলা যুৱতী ব্যস্ত হৈ পৰে সমৰকলা প্ৰশিক্ষণৰ জৰিয়তে আত্মৰক্ষাৰ বাবে ল’বলগীয়া একোটো একোটা কৌশল আয়ত্ব কৰাত৷

যুৱতী তথা মহিলাসকলৰ সমৰকলা প্ৰশিক্ষনৰ নেতৃত্ব লৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ টাইকোৱান্ডো খেলুৱৈ তথা ব্লেকবেল্ট সঞ্জয় গায়ন, হিৰণ্য হাজৰিকা আৰু সন্দীপ দাসে৷ সম্পূৰ্ণ বিনামূলীয়াকৈ মহিলা, যুৱতীক প্ৰতি ৰবিবাবে বিয়লি দি অহা সমৰকলাৰ প্ৰশিক্ষণ স্থলীত আত্মৰক্ষাৰ বাবে যোগদান কৰা যুৱতীসকলৰ ৱাৰ্মআপ, পান্স, ৰাইজিং কিক, ষ্ট্ৰেচিং আদিৰ দৃশ্যই ভৰি পৰে প্ৰশিক্ষণ স্থলীৰ পৰিৱেশ৷

যুৱতীসকলে এইদৰে সমৰকলাৰ জৰিয়তে আত্মৰক্ষাৰ প্ৰচেষ্টা ল’ব পাৰে তেন্তে ৰাজ্যত বৃদ্ধি হোৱা নাৰী নিৰ্যাতন হ্ৰাস হ’ব বুলিও মন্তব্য কৰিছে সচেতন মহলে৷ আনহাতে এক সুন্দৰ চিন্তাধাৰাৰে আৰম্ভ কৰা যুৱক টাইকোৱান্ডো খেলুৱৈ সকলৰ প্ৰচেষ্টাৰ সলাগ লৈছে সচেতন মহলে৷

কিয়নো বৰ্তমান সময়ত নাৰীসকলৰ এক বিপদসংকুল মুহূৰ্তত তিনি যুৱক ক্ৰমে সঞ্জয়, হিৰণ্য আৰু সন্দীপ আগবাঢ়ি আহিছে নাৰী সমাজৰ সুৰক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিব পৰাকৈ “আত্ম-সুৰক্ষাৰ প্ৰশিক্ষণ” দিয়াৰ দিশটোত, তাকো সম্পূৰ্ণ বিনামূল্যে। অথচ তিনিওজন যুৱকেই কাৰ্যত নিবনুৱা।

তাৰ পাছতো বিনামূলীয়াকৈ যুৱতী-মহিলাসকলক আত্মৰক্ষাৰ প্ৰশিক্ষণ দিব বিচৰাটোৱে তেওঁলোকৰ সামাজিক দায়বদ্ধতাৰ পৰিচয়ো দাঙি ধৰিছে বুলিও মন্তব্য কৰিছে অঞ্চলটোৰ ৰাইজে৷ উল্লেখ্য যে জামুগুৰিহাটৰ অন্যতম ক্ৰীড়া সংগঠণ এক্টিভ ৱাৰিৱৰ্ছৰ উদ্যোগত হোৱা তথা প্ৰশিক্ষনৰ নেতৃত্ব লোৱা তিনিওগৰাকী প্ৰশিক্ষকৰ প্ৰচেষ্টা নিশ্চয়কৈ প্ৰশংসনীয়৷

Leave A Reply