গোসাইগাঁৱত চি আৰ পি এফৰ ১২৯ বাহিনীৰ দ্বাৰা কৃষক ৰাইজক বিনামূলীয়া বীজ বিতৰন

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও স্থিত চি আৰ পি এফৰ ১২৯ নম্বৰ বাহিনীৰ দ্বাৰা কৃষক ৰাইজক আজি বিনামূলীয়া বীজ বিতৰন কৰা হয় ৷ চি আৰ পি এফৰ জন হিতাৰ্থ আচনীৰ (চিভিক এক্সন প্ৰগ্ৰাম) ২০২০-২০২১ অধিনৰ গোসাইগাঁও মহকুমাৰ বিভিন্নজনৰ গাঁৱৰ কৃষক সকলক বিভিন্ন প্ৰজাতিৰ বীজ প্ৰদান কৰা হয় ৷ মহকুমাখনৰ হাকমা, সত্যপুৰ, পদ্মপুখুৰী আৰু সাহাজুৰি গাঁৱৰ মুঠ ৫০ গৰাকী কৃষকক ধান,ভেন্ডী, আদি ১০ প্ৰজাতিৰ বীজ প্ৰদান কৰা হয় ৷ চি আৰ পি এফৰ ১২৯ নং বাহিনীৰ কমান্ডাৰ গুলাব সিঙে কৃষকক বীজ সমুহ প্ৰদান কৰি কয় যে ভাৰতবৰ্ষ হল কৃষি প্ৰধান দেশ ৷ ভাৰতৰ ৭০-৮০ শতাংশ নাগৰিক প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে ৷ কৃষক সকলে উৎপাদন কৰা খাদ্য সামগ্ৰি দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি কমান্ডৰ জনে প্ৰকাশ কৰে ৷ কাৰ্যসুচীত উপ কমান্ডাৰ শিব কুমাৰ ঝা,ৰজনিশ কুমাৰ পাঠক,সহ কমান্ডাৰ সঞ্জীৱ যাদব,বিনয় পাল,ইন্সপেক্টৰ ৰাধা বল্লব দাস সহ কেবাগৰাকী বিষয়া তথা জোৱান সকল উপস্থিত থাকে ৷ 

Related Articles