Breaking

মিনি লক ডাউনৰ মাজতে বাদুলিপুখুৰীত সুৰাৰ অবাধ বেহা

0 1,027

 যি সময়ত মহামাৰী ক’ৰণা ভাইৰাচক লৈ সমগ্ৰ বিশ্বৰ লগতে অসমৰ জনসাধাৰণ কম্পিত হৈ আছে । চৰকাৰে মিনি লক ডাউন ঘোষণা কৰি জনসাধাৰণক আত্মসুৰক্ষাৰ বাবে ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ আহ্বান জনাইছে ,প্ৰতিজন লোককে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ বাৰে বাৰে অনুৰোধ কৰিছে তেনে সময়তে একাংশ অসাধু মদ বেপাৰীয়ে চৰকাৰৰ সকলো নীতি – নিৰ্দেশনা ভৰিৰে মোহাৰি নিজৰ নিজৰ মদৰ বেপাৰ অব্যাহত ৰাখিছে । টীয়ক বাদুলিপুখুৰী অঞ্চলৰ লগতে পীড়াকটা অঞ্চলৰ একাংশ মদ  বেপাৰীয়ে গোপনে  চলাই গৈছে অঞ্চলটোত অবৈধ চুলাই লগতে বিভিন্ন দেশী বিদেশী-বিলাতী সুৰা । আৱকাৰী আৰু আৰক্ষী বিভাগে যিমানেই অভিযান চলাইছে , কিন্তু তাৰ সমান্তৰালভাৱে টীয়কৰ ৰাজৈ অঞ্চলৰ এটা ভাটিৰ গৰাকীয়ে নিজৰ বাইকৰে  অঞ্চলটোৰ লগতে বাদুলিপুখুৰী অঞ্চলটো  গেলেনত ভৰাই স্থানীয় বেপাৰীক যোগান ধৰি আহিছে ।অন্যহাতে গোপনে চলাই অহা এই অবৈধ সুৰা ব্যৱসায় চলি থকাত অঞ্চলটোৰ সচেতন লোকে ক্ষোভ প্ৰকাশ কৰিছে । যিটোৱে চৰকাৰৰ মিনি লক ডাউন কাৰ্যসূচি অসাৰ কৰি তোলাৰ প্ৰকট বুলি সমাজ সচেতন লোকে অভিমত ব্যক্ত কৰিছে । 

Leave A Reply