Breaking

অনুষ্কা-বিৰাটৰ পৰা আৰম্ভ কৰি এইসকল চেলিব্ৰিটিয়ে প্ৰথমবাৰৰ বাবে সন্তানৰ সৈতে উদযাপন কৰিব হোলী…

0 13

২০২৩-২৪ বৰ্ষত বহু তাৰকাৰ ঘৰত হৈছে উল্লাস। এইবাৰ ছবি জগতৰ বহু তাৰকাৰ বাবে ৰঙৰ উৎসৱ আৰু অধিক ৰঙীন হ’বলৈ গৈ আছে, কাৰণ তেওঁলোকে প্ৰথমবাৰৰ বাবে নিজৰ সন্তানৰ সৈতে হোলী খেলিবলৈ ওলাইছে। প্ৰথমবাৰৰ বাবে সন্তানৰ সৈতে হোলী খেলাসকলৰ তালিকা ৰাম চৰণ-উপাসনাৰ পৰা আৰম্ভ কৰি বিৰাট-অনুষ্কালৈকে।

২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত দ্বিতীয়বাৰৰ বাবে অভিভাৱক হিচাপে পৰিগণিত হৈছে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী। পুত্ৰ অকয় কোহলীৰ জন্ম অনুষ্কা-বিৰাটৰ ঘৰত। এয়া হ’ব অনুষ্কা আৰু বিৰাটৰ অকয় কোহলীৰ সৈতে প্ৰথম হোলী।


ৰাম চৰণ-উপাসনাঃ বহু বছৰৰ বিবাহৰ অন্তত ২০২৩ চনত ছুপাৰষ্টাৰ ৰাম চৰণ আৰু উপাসনা এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ হৈছিল। কন্যাৰ সৈতে এই দম্পতীহালৰ প্ৰথম হোলী।


বিক্ৰান্ত মেছি-শ্বীতল ঠাকুৰঃ অভিনেতা বিক্ৰান্ত মেছিৰ বাবে ২০২৩ বৰ্ষৰ বিস্ফোৰণ। টুৱেলভ ফেইল ছবিৰ বাবে বিক্ৰান্তক সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰাৰ বিপৰীতে তেওঁৰ পুত্ৰৰো জন্ম হৈছিল তাত। পুত্ৰৰ সৈতে বিক্ৰান্ত আৰু শীতলৰ এইবাৰ প্ৰথম হোলী।


ৰুবিনা দিলাইক-অভিনভ শুক্লাঃ ২০২৩ চনৰ নৱেম্বৰ মাহত অভিনেত্ৰী ৰুবিনা দিলাইকৰ যমজ সন্তান জন্ম হৈছিল। এইবাৰ প্ৰথমবাৰৰ বাবে যমজ কন্যাৰ সৈতে হোলী উদযাপন কৰিব ৰুবিনা আৰু অভিনৱে।


ইশিতা দত্ত-বৎসাল ছেঠঃ ২০২৩ চনৰ জুলাই মাহত দৃষ্টিৰ ফেম অভিনেত্ৰী ইশিতা দত্ত আৰু বাটছাল ছেঠৰ ঘৰত এটি ল’ৰা সন্তানৰ জন্ম হয়। পুত্ৰৰ সৈতে এই দম্পতীহালৰ প্ৰথম বিবাহ হ’ব।


Leave A Reply