Breaking

কে এছ হেগড়েৰ পৰা অভিজিত গংগোপাধ্যায়লৈ… ন্যায়পালিকাৰ ক্ষেত্ৰ ত্যাগ কৰি ৰাজনীতিত যোগ দিয়া ন্যায়াধীশসকল…

0 14

দেশৰ ৰাজনীতিত ন্যায়াধীশৰ যোগদান নতুন কথা নহয়। শেহতীয়াকৈ কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অভিজিত গংগোপাধ্যায়ে অৱসৰ ঘোষণা কৰি বিজেপিত যোগদান কৰিবলৈ ওলোৱা কথাই বেচ চৰ্চা লাভ কৰিছে। ন্যায়াধীশ গঙ্গোপাধ্যায়ে এনেদৰে হঠাতে ন্যায়পালিকা ত্যাগ কৰি ৰাজনীতিত যোগদান কৰাৰ কথাই প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। বহুতে কৈছে তেওঁৰ পূৰ্বৰে পৰাই বিজেপিৰে সম্পৰ্ক আছিল।যিকিনহওঁক, গঙ্গোপাধ্যায়েই প্ৰথম বিচাৰক নহয় যিয়ে ন্যায় পালিকা ত্যাগ কৰি ৰাজনীতিত যোগদান কৰিছে। দেশৰ আন বহু প্ৰসিদ্ধ ন্যায়াধীশে ন্যায়পালিকাৰ পৰা আহিৰাজনীতিৰ পথাৰত ভৰি থৈছে। জানো আহক তেওঁলোক কোন কোন-


কে.এছ. হেগড়ে
১৯০৯ চনৰ ১১ জুনত মহীশূৰ ৰাজ্যৰ দক্ষিণ কানাৰা জিলাৰ কাৰকলা তালুকৰ কাউদুৰ গাঁৱত কাউদুৰ সদানন্দ হেগড়েৰ জন্ম হৈছিল। তেওঁ ১৯৩৩ চনত তেওঁৰ আইনী বৃত্তি আৰম্ভ কৰিছিল আৰু ১৯৪৭-৫১ বৰ্ষত চৰকাৰী প্ৰলিডাৰ আৰু ৰাজহুৱা অধিবক্তা হিচাপে কাম কৰিছিল। হেগড়েই ১৯৫২ চনত কংগ্ৰেছ দলৰ মনোনীত ব্যক্তি হিচাপে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। হেগড়েই ১৯৫৭ চনলৈকে উচ্চ সদন সেৱা আগবঢ়াইছিল। ১৯৫৭ চনত, হেগড়েই মহীশূৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হোৱাৰ সময়ত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে। পিছত তেওঁক উচ্চতম ন্যায়ালয়লৈ উন্নীত কৰা হৈছিল। ১৯৭৩ চনৰ ৩০ এপ্ৰিলত হেগড়েই তেওঁতকৈ এজন কনিষ্ঠ সহকৰ্মীক ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ বাবেই পদত্যাগ কৰিছিল। ১৯৭৭ চনত তেওঁ জনতা পাৰ্টিৰ টিকটত বাংগালোৰ দক্ষিণ সমষ্টিৰ পৰা ষষ্ঠ লোকসভালৈ নিৰ্বাচিত হৈছিল আৰু ষষ্ঠ লোকসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল।

বাহাৰুল ইছলাম

উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ বাহাৰুল ইছলামে তেওঁৰ নিৰ্ধাৰিত অৱসৰৰ সময়তকৈ ছসপ্তাহ পূৰ্বে পদত্যাগ কৰি ৰাজনীতিত যোগ দিছিল। ১৯৮৩ চনত তেওঁ অসমৰ বৰপেটাৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল । ইয়াৰ আগতে তেওঁ ১৯৬২ চনৰ ৩ এপ্ৰিলত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ১৯৭২ চনৰ ২০ জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ পিছত তেওঁ ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিছিল। পিছত ১৯৮০ চনৰ ৪ ডিচেম্বৰত তেওঁক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ পদলৈ উন্নীত কৰা হৈছিল। ১৯৮৩ চনৰ ১৩ জানুৱাৰীত বাহাৰুল ইছলামে তেওঁৰ পদৰ পৰা পদত্যাগ কৰে আৰু লোকসভা নিৰ্বাচনৰ বাবে বৰপেটাৰ পৰা কংগ্ৰেছৰ মনোনয়ন লাভ কৰে। অৱশ্যে অসম আন্দোলনৰ ফলত সৃষ্টি হোৱা অস্থিৰতাৰ বাবে বৰপেটাৰ নিৰ্বাচন পিছুৱাব লগা হয়। তথাপি কংগ্ৰেছে ১৯৮৩ চনত তেওঁক ৰাজ্যসভাৰ সাংসদ পঠিয়াইছিল।

ভি আৰ কৃষ্ণ
ন্যায়াধীশ ভি আৰ কৃষ্ণ আয়াৰৰ জন্ম ১৯১৫ চনৰ ১৫ নৱেম্বৰত তদানীন্তন মাদ্ৰাজ ৰাজ্যৰ মালাবাৰ অঞ্চলৰ পালাক্কাডত হৈছিল। ১৯৫৬ চনত তেওঁ প্ৰথমতে মাদ্ৰাজ বিধান সভালৈ নিৰ্বাচিত হৈছিল আৰু পিছত ৰাজ্যসমূহৰ পুনৰ্গঠনৰ অন্তত কেৰালা বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁক নিযুক্তি
গৃহ, আইন, সমাজ কল্যাণ আদিৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছিল। তেওঁক ১৯৬৮ চনত কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ ১৯৭১ চনৰ পৰা ১৯৭৩ চনৰ ভিতৰত আইন আয়োগৰো সদস্য আছিল। তেওঁক ১৯৭৩ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁক ১৯৯৯ চনত পদ্ম বিভূষণ প্ৰদান কৰা হৈছিল।

মহম্মদ হেদায়াতুল্লাহ
ন্যায়াধীশ মহম্মদ হেদায়াতুল্লাহৰ জন্ম ১৯০৫ চনৰ ১৭ ডিচেম্বৰত পূৰ্বৰ চেণ্ট্ৰেল প্ৰভিন্সৰ বেতুলত হৈছিল। ১৯৪৬ চনৰ ২৪ জুনত তেওঁক চেণ্ট্ৰেল প্ৰভিন্স আৰু বেৰাৰ উচ্চ ন্যায়ালয়ৰ (বৰ্তমানৰ মাদ্ৰাজ উচ্চ ন্যায়ালয়) অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। ১৯৪৬ চনৰ ১৩ ছেপ্টেম্বৰত তেওঁক উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ১৯৫৪ চনৰ ৩ ডিচেম্বৰত তেওঁক মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ১৯৫৮ চনৰ ১ ডিচেম্বৰত তেওঁক সৰ্বোচ্চ ন্যায়ালয়লৈ উন্নীত কৰা হয় । ১৯৬৮ চনৰ ২৫ ফেব্ৰুৱাৰীত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হৈছিল। ১৯৭০ চনৰ ১৭ ডিচেম্বৰত তেওঁ সেই উচ্চ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। ন্যায়াধীশ হেদায়াতুল্লাই ১৯৬৯ চনৰ ২০ জুলাইত ভাৰতৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিছিল। ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰৰ পিছত, তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮৪ চনৰ ভিতৰত সৰ্বসন্মতিক্ৰমে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল । তেওঁ ১৯৮২ চনত ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপেও কাম কৰিছিল।

ৰংগনাথ মিশ্ৰ
ন্যায়াধীশ ৰংনাথ মিশ্ৰক ১৯৬৯ চনত উৰিষ্যা উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ১৯৮০ চনৰ ৬ নৱেম্বৰত তেওঁ উৰিষ্যা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে উন্নীত হৈছিল। তাৰ পিছত তেওঁ ১৯৮১ চনৰ ১৬ জানুৱাৰীত স্থায়ী মুখ্য ন্যায়াধীশ হয়। ন্যায়াধীশ মিশ্ৰক ১৯৮৩ চনৰ ১৫ মাৰ্চত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত কৰা হৈছিল। তেওঁ ১৯৯০ চনৰ ২৫ ছেপ্টেম্বৰত ভাৰতৰ ২১ সংখ্যক মুখ্য ন্যায়াধীশ হৈছিল। অৱসৰৰ পিছত তেওঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হয় । তেওঁ ১৯৯৮ চনৰ পৰা ২০০৪ চনৰ ভিতৰত কংগ্ৰেছ দলৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈছিল।

কোকা চুব্বা ৰাও
ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ (চিজেআই) কোকা চুব্বা ৰাৱে ১৯৬৬ চনৰ ৩০ জুনত মুখ্য ন্যায়াধীশৰ পদ গ্ৰহণ কৰিছিল। ১৯৬৭ চনত স্বতন্ত্ৰ দলে তেওঁক ভাৰতত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সংযুক্ত বিৰোধী দলৰ প্ৰাৰ্থী হ’বলৈ আমন্ত্ৰণ জনায়। মনোনয়ন গ্ৰহণ কৰি চুব্বা ৰাৱে ৰাষ্ট্ৰপতি পদৰ দৌৰত প্ৰৱেশ কৰে। দুৰ্ভাগ্যবশতঃ, কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন নিৰ্বাচনত বিজয়ী হোৱাৰ বাবে তেওঁ পৰাজয়ৰ সন্মুখীন হৈছিল।

ৰঞ্জন গগৈ

ন্যায়াধীশ ৰঞ্জন গগৈৰ জন্ম ১৯৫৪ চনৰ ১৮ নৱেম্বৰত হৈছিল। তেওঁক ২০০১ চনৰ ২৮ ফেব্ৰুৱাৰীত গুৱাহাটী হাটি উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল আৰু ২০১০ চনৰ ৯ ছেপ্টেম্বৰত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। তেওঁক ২০১১ চনৰ ১২ ফেব্ৰুৱাৰীত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। ন্যায়াধীশ গগৈক ২০১২ চনৰ ২৩ এপ্ৰিলত উচ্চতম ন্যায়ালয়লৈ উন্নীত কৰা হৈছিল আৰু ৩-১০-২০১৮ তাৰিখে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ বৰ্তমান ৰাজ্যসভাৰ সদস্য, ২০২০ চনৰ ১৬ মাৰ্চত তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁক ৰাজ্যসভালৈ মনোনীত কৰিছিল। এনেদৰেই দেশৰ বহু প্ৰখ্যাত ন্যায়াধীশে ৰাজনীতিৰ ক্ষেত্ৰ খনতো প্ৰৱেশ কৰি সেৱা আগবঢাইছি বা আগবঢ়াই গৈছে।

Leave A Reply