Breaking

এতিয়াৰে পৰা পথ-দুৰ্ঘটনাৰ সবিশেষ তথ্য তাৎক্ষণিকভাৱে উপলব্ধ হ’ব বাহন পৰ্টেলত

0 71

কোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পালে এতিয়াৰে পৰা আৰু পৰিয়াল-আত্মিয়ই দুৰ্ঘটনাৰ স্থান, সময় অথবা দুৰ্ঘটনা আক্ৰান্তৰ সবিশেষ তথ্য বিচাৰি হায়ৰান হ’বলগীয়া নহয়৷ আনকি পথ দুৰ্ঘটনাত হতাহতৰ পৰিয়ালে ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ক্ষতিপূৰণ বিচাৰিয়ো হুমুনিয়াহ কাঢ়িব নালাগে। কিয়নো পথ-দুৰ্ঘটনাৰ সবিশেষ তথ্য এতিয়াৰে পৰা তাৎক্ষণিকভাবে বাহন পৰ্টেলত উপলব্ধ হ’ব।

এইক্ষেত্ৰত বাহন পৰ্টেলত দুৰ্ঘটনাৰ সবিশেষ তথ্য কেনেকৈ আপলোড কৰিব লাগিব সেই সন্দৰ্ভত পথ সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগসমূহৰ মাজত মঙলবাৰে এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। মহানগৰীৰ দিশপুৰ লাষ্টগেটৰ লোকনিৰ্মাণ বিভাগৰ সভাগৃহত জিলাখনৰ আৰক্ষী, পৰিবহণ, স্বাস্থ্য, অভিযান্ত্ৰিক, বীমা কোম্পানীসমূহকে ধৰি পথ-সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগৰ বিষয়াসকল প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকি নিজৰ নিজৰ বিভাগে গ্ৰহণ কৰিবলগীয়া তাৎক্ষণিক কাৰ্যব্যৱস্থা আৰু বিভিন্ন আসোঁৱাহৰ সমাধান সন্দৰ্ভত অৱগত হয়।

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ উদ্যোগত, সদস্য সচিব হেমন্ত দেউৰী ভড়ালীৰ বিশেষ তত্বাৱধানত অনুষ্ঠিত প্ৰশিক্ষণৰ উদ্বোধনী সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনাগত দিনত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বান আৰু এইক্ষেত্ৰত তেওঁ গ্ৰহণ কৰা বিশেষ উদ্যোগ কথা উল্লেখ কৰে।

আগন্তুক দিনত পথ দুৰ্ঘটনা ৰোধৰ লগতে অসমৰ ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত বাহাল ৰখাৰ স্বাৰ্থত যিকোনো পথ দুৰ্ঘটনাৰে সবিশেষ তথ্য অনলাইনত উপলব্ধ কৰাটো এইক্ষেত্ৰত গ্ৰহণ কৰিব পৰা সমাধানৰ সন্মিলিত প্ৰচেষ্টাৰ বাবে অতীব প্ৰয়োজন বুলি তেওঁ কয়৷ পথ সুৰক্ষাৰ লগত জড়িত বিভাগসমূহে নিজৰ নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিলে পথ দুৰ্ঘটনাত হতাহতৰ পৰিয়ালে ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ক্ষতিপূৰণ বিচাৰি আগৰ দৰে কাৰ্যালয়ে কাৰ্যালয়ে আৰু তাঁতবাতি কৰিবলগীয়া নহয়।

সেয়ে বিভাগসমূহক তেওঁ সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনাই পথ-দুৰ্ঘটনাৰ কাৰন, সময়, দুৰ্ঘটনা সংঘটিত স্থানৰ অভিযান্ত্ৰিক আসোঁৱাহ, পথ নিৰ্দেশনা আদি সম্ভাব্য দিশসমূহ নিজ নিজ বিভাগে পুংখানুপুংখ অনুসন্ধানৰ দ্বাৰা বাহন পৰ্টেলত উপলব্ধ কৰি সমাজৰ সকলো স্তৰতে জনসচেতনতা গঢ়ি তুলিব পাৰিলে পথ দুৰ্ঘটনা ৰোধ সহজসাধ্য হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে।

অনুষ্ঠানটোত উপস্থিত থাকি জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা আৰু এচিপি ট্ৰাফিক ড° অনুপ জ্যোতি বৰাই এইক্ষেত্ৰত ল’বলগীয়া বিভিন্ন সাৱধানতা সন্দৰ্ভত বক্তব্য আগবঢ়োৱাৰ পিছতে দুৰ্ঘটনাৰ সবিশেষ তথ্য ততালিকে বাহন পৰ্টেলত উপলব্ধ কৰা কাৰিকৰী দিশসমূহত আইৰেড( iRAD)ৰ ডিআৰএম অংকন শৰ্মাই প্ৰশিক্ষণ দিয়াৰ লগতে মহানগৰীৰ বিভিন্ন পথসমূহৰ অভিযান্ত্ৰিক দিশ সন্দৰ্ভত বিশিষ্ট অভিযন্তা হেমন্ত দেউৰী ভড়ালীয়ে বক্তব্য আগবঢ়াই।

Leave A Reply