Breaking

এতিয়াৰে পৰা কোভিডৰ বুষ্টাৰ ভেকচিনৰ বাবে ভৰিব লাগিব ধন…

0 2,040

ভাৰত চৰকাৰে স্বাস্থ্যসেৱা কৰ্মী, ফ্ৰণ্টলাইন কৰ্মচাৰী আৰু ৬০ বছৰৰ ওপৰৰ লোকসকলক বুষ্টাৰ পালি বিনামূলীয়াকৈ দি আহিছে।কিন্তু এতিয়াৰে পৰা প্ৰায় সংখ্যক প্ৰাপ্তবয়স্ক লোকৰ বাবে বুষ্টাৰ পালি বিনামূলীয়া নহ’ব। চৰকাৰে ব্যক্তিগত চিকিৎসালয়ত দেওবাৰৰ পৰা সকলো প্ৰাপ্তবয়স্কক কোভিড ভেকচিনৰ বুষ্টাৰ পালি প্ৰদানৰ অনুমতি প্ৰদানৰ সিদ্ধান্ত লৈছে। এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে চৰকাৰ ইতিমধ্যে কোভিডৰ বুষ্টাৰ পালিৰ দামো নিৰ্ধাৰণ কৰি দিছে। জানিব পৰা মতে কভিশ্বিল্ডৰ ব্যয় হ’ব ৬০০ টকা। এই ভেকচিন বিধৰ ক্ষেত্ৰত কৰ আগৰ দৰে একেই থাকিব। আন এবিধ ভেকচিন কভোভাক্স উপলব্ধ হ’ব ৯০০ টকাত। ১৮ বছৰৰ ওপৰৰ লোকসকলক ১০ এপ্ৰিলৰ পৰা কোভিড-১৯ৰ বুষ্টাৰ পালি প্ৰদান কৰা হ’ব। অৱশ্যে ব্যক্তিগত চিকিৎসালয়তহে ১৮ বছৰৰ ওপৰৰ লোকসকলক কোভিডৰ বুষ্টাৰ ভেকচিন প্ৰদানৰ দিহা কৰা হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।


লগতে যিসকলৰ বয়স ১৮ বছৰ বা ততোধিক আৰু তেনে বয়সৰ যিসকল লোকে কোভিড ভেকচিনৰ দ্বিতীয় পালি গ্ৰহণ কৰা ন মাহ সম্পূৰ্ণ হৈছে তেওঁলোকে বুষ্টাৰ পালি গ্ৰহণ কৰিব পাৰিব। অসমত জ্যেষ্ঠ নাগৰিকসকল, যিসকলে দ্বিতীয়টো ভেকচিন গ্ৰহণৰ ৯ মাহ হৈ গৈছে তেওঁলোককো ১০ জানুৱাৰীৰ পৰা কোভিড ভেকচিনৰ বুষ্টাৰ ডজ প্ৰদান কৰা হৈছে। চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাই আজি এই পদক্ষেপক আদৰণি জনাইছে। তেওঁ ইয়াক এক গুৰুত্বপূৰ্ণ আৰু সময়োপযোগী সিদ্ধান্ত বুলি উল্লেখ কৰিছে। তেওঁ কয় যে যিসকলে বিদেশ ভ্ৰমণ কৰিব বিচাৰে তেওঁলোকে তৃতীয় পালি অবিহনে ভ্ৰমণ কৰাত অসুবিধা পাইছে ।যিহেতু কেইবাখনো দেশে বুষ্টাৰ পালি গ্ৰহণ নকৰা লোকক সেই দেশত প্ৰৱেশৰ অনুমতি দিয়া নাই। এতিয়া ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো কোভিডৰ বুষ্টাৰ পালি উপলব্ধ হোৱাত সকলোৰে সুবিধা হ’ব বুলি পুনিৱালাই কয়। কেন্দ্ৰৰ নতুন নীতি অনুসৰি প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা ভেকচিনটোৰ ৫০% কেন্দ্ৰৰ বাবে সংৰক্ষিত কৰা হ’ব আৰু বাকী ৫০% ৰ পৰাহে ৰাজ্য চৰকাৰ তথা বেচৰকাৰী খণ্ডৰ হস্পিতালসমূহে ভেকচিন ক্ৰয় কৰিব পাৰিব। ১৮ বছৰ উৰ্ধৰ বয়সৰ সকলো লোককে প্ৰতিষেধক প্ৰদান কৰিবলৈ চৰকাৰে নিৰ্দেশনা দিয়াৰ পিছতে অতিৰিক্তভাৱে ১.২ মিলিয়ন ড’জ ভেকচিনৰ প্ৰয়োজন হ’ব বুলি প্ৰকাশ কৰিছে চেৰামে।

Leave A Reply