Breaking

এতিয়াৰে পৰা এইসকল হিতাধিকাৰীয়ে এবছৰৰ বাবে লাভ কৰিব বিনামূলীয়া ৰেচন

0 82

এতিয়াৰে পৰা এইসকল হিতাধিকাৰীসকলে এবছৰৰ বাবে লাভ কৰিব বিনামূলীয়া ৰেচন
কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ (এনএফএছএ) অধীনত বিনামূলীয়া ৰেচন বিতৰণৰ আঁচনিখনক ২০২৩ চনৰ ডিচেম্বৰ লৈকে এবছৰৰ বাবে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা (পিএমজিকেএ) হিচাপে নামাকৰণ কৰিছে। আঁচনিখনৰ অধীনত, কেন্দ্ৰই ১ জানুৱাৰী ২০২৩ তাৰিখৰ পৰা এনএফএছএ হিতাধিকাৰীসকলক বিনামূলীয়া ৰেচন বিতৰণ কৰা আৰম্ভ কৰিছে।


কেন্দ্ৰীয়চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে ২০২৩ চনৰ ডিচেম্বৰ লৈকে বিনামূলীয়া খাদ্যশস্য দিয়া হ’ব। এই পদক্ষেপৰ বাবে ২ লাখ কোটি টকাৰ বোজা চৰকাৰে বহন কৰিব লাগিব।কেন্দ্ৰীয় কেবিনেটে ২৩ ডিচেম্বৰ, ২০২২ তাৰিখে এনএফএছএ হিতাধিকাৰীসকলক এবছৰৰ বাবে বিনামূলীয়া খাদ্যশস্য দিয়াৰ সিদ্ধান্তত অনুমোদন জনাইছিল। ৮১.৩৫ কোটিতকৈও অধিক এনএফএছএ হিতাধিকাৰী এই পদক্ষেপৰ দ্বাৰা লাভান্বিত হ’ব।

আগতে এনএফএছএৰ অধীনত হিতাধিকাৰীসকলক ৰাজসাহায্যযুক্ত হাৰত চাউল আৰু ঘেঁহু প্ৰদান কৰা হৈছিল।২০২০ চনৰ এপ্ৰিলমাহৰ পৰা পূৰ্বৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ (পিএমজিকেএ) অধীনত প্ৰদান কৰা খাদ্যশস্যবোৰো এনএফএছএ কোটাৰ অধীনত অন্তৰ্ভুক্ত কৰা হ’ব।

Leave A Reply