Breaking

অক্টোবৰৰ পৰা ”অৰুণোদই” সহ ২৯ খন অসমীয়া আলোচনী উপলব্ধ হব অনলাইনত …

0 418

স্বতন্ত্ৰ সাংবাদিক মৃণাল তালুকদাৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ নব গোস্বামী আৰু অন্যান্য বিশিষ্ট সাহিত্যিকৰ সৈতে দ্য নন্দ তালুকদাৰ ফাউণ্ডেচনে ২৯ খন অসমীয়া আলোচনী ডিজিটেলাইজ কৰাৰ এক অভিলাষী প্ৰকল্প গ্ৰহণ কৰিছে।আলোচনীসমূহ ডিজিটেলাইজ কৰাৰ কাম আৰম্ভ হৈছিল এই বছৰৰ জুন মাহত আৰু ডিজিটেল সংস্কৰণসমূহ অক্টোবৰৰ শেষৰ ফালে উপলব্ধ হোৱাৰ সম্ভাৱনা আছে।

শিৱসাগৰৰ পৰা ১৮৪৬ চনত প্ৰকাশিত সোণালী যুগৰ প্ৰথমখন অসমীয়া আলোচনী ‘অৰুণোদই’ও ডিজিটেল ফৰ্মেটত উপলব্ধ হ’ব।

অসমীয়া আলোচনীক ডিজিটেল ৰূপ দিয়াৰ উদ্দেশ্যে এই প্ৰকল্প আৰম্ভ কৰা হৈছিল।ডিজিটেল সংস্কৰণত উপলব্ধ হ’বলগীয়া ২৯খন আলোচনীৰ ভিতৰত আছে অৰুনোদই (১৮৪৮), জোনাকী, অসম হিতৈষী, বিজুলী, বাঁহী, জয়ন্তী, পছোৱা, জনমভূমি, নবযুগ ইত্যাদি।

Leave A Reply