Breaking

চাৰা আলীৰ পৰা অজয় ​​দেৱগনলৈকে এইসকল চেলিব্ৰিটি মহাদেৱৰ ভক্ত…

0 23

মহাশিৱৰাত্ৰি উপলক্ষে সকলোৱে নিজৰ নিজৰ ভগৱান শিৱক পূজা কৰিছে। এনে পৰিস্থিতিত কেনেকৈ পিছ পৰি থাকিব পাৰে বলীউডৰ তাৰকাসকল। কিন্তু আজি আমি সেই চেলিব্ৰিটিসকলৰ বিষয়ে ক’ম যিসকল মহাদেৱৰ মহান ভক্ত। জানো আহকচোন তেওঁলোকৰ বিষয়ে-

অজয় দেৱগনঃ অভিনেতা অজয় ​​দেৱগন ভগৱান শিৱৰ এজন মহান ভক্ত। শিৱৰ টেটু বুকুত অংকণ কৰি লৈছে অভিনেতাগৰাকীয়ে। কেৱল এয়াই নহয়, অজয় ​​দেৱগনে প্ৰায়েই নিজৰ ছ’চিয়েল মিডিয়া পেজত ভগৱান শিৱৰ ছবি শ্বেয়াৰ কৰে।

ছাৰা আলী খানঃ অভিনেত্ৰী ছাৰা আলী খানো শিৱৰ ভক্ত। প্ৰায়ে কেদাৰনাথ আৰু মহাকাল মন্দিৰলৈ গৈ শিৱ ভক্তিত মগ্ন হোৱা দেখা যায়। ছাৰা বাবা বৰফানী অৰ্থাৎ অমৰনাথলৈও গৈছে।

টাইগাৰ শ্ৰফঃ অভিনেতা টাইগাৰ শ্ৰফো ভগৱান শিৱৰ ভক্ত। কোৱা হয় যে টাইগাৰ শ্ৰফে শৈশৱৰ পৰাই ভগৱান শিৱৰ পূজা কৰে। কেৱল পূজা কৰাই নহয়, সোমবাৰৰ লগতে মহাশিৱৰাত্ৰিৰ দিনাও তেওঁলোকে ব্ৰত পালন কৰে।

মৌনি ৰয়ঃ টিভি আৰু বলীউডত অভিনয়েৰে নাম উজলাই তোলা মৌনি ৰয় ভগৱান শিৱৰ এগৰাকী মহান ভক্ত। দৰ্শনৰ বাবে তেওঁ বহু শিৱ মন্দিৰলৈ যায়। তাৰোপৰি তে্ওঁ আদিযোগীৰ মন্দিৰলৈও গৈ থাকে।

কুনাল খেমুঃ অভিনেতা কুনাল খেমুৰো ভগৱান শিৱৰ প্ৰতি অত্যন্ত বিশ্বাস আছে। কুনাল খেমুৰো পিঠিত ত্ৰিশূল টেটু আছে। তেওঁ ওম নমঃ শিৱয়ো লিখিছে।

সঞ্জয় দত্তঃ সঞ্জয় দত্তৰো শিৱৰ প্ৰতি অত্যন্ত বিশ্বাস আছে। তেওঁ প্ৰতি বছৰে মহাশিৱৰাত্ৰিৰ উৎসৱ অতি আড়ম্বৰ আৰু প্ৰদৰ্শনেৰে উদযাপন কৰে। লগতে অভিনেতাগৰাকীৰ হাতত ভগৱান শিৱৰ টেটু কৰা হৈছে আৰু সংস্কৃত ভাষাতো লিখা হৈছে ওম নমহ শিৱায়।

Leave A Reply