Breaking

চীনৰ ভাবুকিক প্ৰত্যাহ্বান! চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ হব ফ্ৰণ্টিয়াৰ হাইৱে, লাভবান হ’ব অসম; ২০২৭ চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য…

0 30

অৰুণাচল প্ৰদেশৰ চীন অধিকৃত তিব্বত সীমান্তৰ আৰু সামৰিক দৃষ্টিকোৰণৰ পৰা অতিশয় গুৰুত্বপূৰ্ণ বুলি পৰিগণিত হৈ অহা উত্তৰ পূৰ্বাঞ্চলৰ চুইজাৰলেণ্ড স্বৰূপ মেচুকাসহ তিব্বত সীমান্তৰ,(বৰ্ত্তমান চীনৰ দখলত) প্ৰতিটো অঞ্চললৈ যাতে সামৰিক- অসামৰিক সকলো বাহন যাতে সুচলভারে চলাচল কৰিব পাৰে তাৰ বাবে বিশেষ তৎপৰতা আৰম্ভ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’বে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণাল়য়ৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড বা চমুকৈ এন এইচ আই ডি চি এল আৰু বি আৰ অৱে অসমৰ শোণিতপুৰ জিলাৰ ভালুকপুঙৰ পৰা টাৱাং সংযোগী পথৰ বমডিলাৰ পৰা ম্যানমাৰ-তিব্বত সীমান্তবৰ্তী বিজয়নগৰলৈ নিৰ্মাণ কৰিব ১,৭৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ অৰুণাচল ফ্ৰন্টিয়াৰ হাইৱে।

প্ৰস্তাৱিত পথটোত সকলো বতৰতে যাতে যিকোনো শ্ৰেণীৰ যান বাহন সুচলভাবে চলাচল কৰিব পাৰে তাৰবাবে বিশেষ উচ্চ প্রযুক্তি আৰু কাৰিকৰী প্ৰভৃতি ব্যৱহাৰ কৰিব বি আৰ অ’ৱে। বি আৰ অ’ৰ অৰুণাচল প্ৰদেশৰ পূৱ ছিয়াং জিলাৰ সদৰ পাছিঘাটস্থিত ব্রহ্মাংক প্ৰকল্পৰ মুখ্য অভিযন্তা অজয় কুমাৰ মিশ্ৰই ‘আমাৰ অসম’ৰ সৈতে পাছিঘাটত হোৱা সাক্ষাৎ কালত জানিবলৈ দিয়া মতে পথটো নিৰ্মাণ কৰাৰ বাবে প্ৰাৰম্ভিক কাম – কাজ সমূহ আৰম্ভ কৰা হৈছে। অতিশয় দুৰ্গম অঞ্চলৰে পথটো নিৰ্মাণ কৰিবলগীয়া হোৱা বাবে পথটো নিৰ্মাণ কৰোতে যাতে প্ৰাকৃতিক ভাৰসাম্য ধ্বংস নহয় তাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। সমান্তৰালভাবে ভাৰত চৰকাৰে চীনৰ যিকোনো ভাবুকিৰ মোকাবিলা কৰাৰ বাবে পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে সামৰিক দৃষ্টিকোণৰ পৰা গুৰুত্বপুৰ্ণ বমডিলাৰ সমীপৰ পৰা চীন অধিকৃত তিব্বত সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি) ৰ কাষে কাষে সমগ্ৰ সীমান্তবৰ্তী অঞ্চলক যাতায়াত ব্যৱস্থাক সামৰি লব পৰাকৈ ফ্ৰন্টিয়াৰ হাইৱে নামৰে সকলো বতৰতে চলাচল কৰিব পৰাকৈ এটা দুইলেনযুক্ত পথ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম – কাজখিনী আৰম্ভ কৰা হৈছে। পথটো ২০২৭ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। পথটো নিৰ্মাণকাৰ্য সম্পুৰ্ণ হলে অৰুণাচল প্ৰদেশৰ আৰ্থ সামাজিক ক্ষেত্ৰখনলৈ অভূতপূৰ্ব পৰিৱৰ্তন অহাটো নিশ্চিত।

একে সময়তে অসমো প্ৰভূত পৰিমাণে লাভবান হব। ভাৰত চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ অধীনত নিৰ্মাণ হবলগীয়া পথটোৰ ২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশ ব্ৰহ্মাংক প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হব। এই সম্পৰ্কীয় জৰীপ ইতিমধ্যে সম্পুৰ্ণ কৰা হৈছে। আনহাতে পথৰ নিৰ্মাণ কাৰ্যত যাতে পৰিৱেশ তন্ত্ৰত বেছি ক্ষতি নহয় সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অত্যাধুনিক শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হব। পথচোৱা টাটোৰ সমীপত কায়িং-মেচুকা সংযোগী পথত এটা ট্ৰাই জংচনত মিলিত হব। অৱশ্যে জানুৱাৰী মাহৰ শেহৰ পৰা বৰষুণ হৈ থকা বাবে পথ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজত কিছু ব্যাঘাটৰ সৃষ্টি হৈছে যদিও বি আৰ অই থমকি ৰোৱা নাই। যিহেতু বছৰটোৰ ৩৬৫ টা দিনৰ ২৫০ দিনৰো অধিক দিনেই তাত বৰষুণ হৈ থকা বাবে প্ৰতিকুল পৰিস্থিতিৰ মাজতো বি আৰ অৰ শ্ৰমিক – অভিযন্তা সকলে দিনে- নিশাই কাম কৰি থাকে। পথচোৱাত ভূমিস্খলনৰ ঘটনা সংঘটিত হলেও যাতে পথ সম্পূর্ণ বন্ধ নহয় তাৰ বাবে বি আৰু অৰ উদ্ধাৰকাৰী দল ততালিকে ঘটনাস্থলীত উপস্থিত হৈ পথ মুকলি কৰিব পৰাকৈ তেওঁলোক সদা সষ্টম হৈ থাকে।

পথ নিৰ্মাণৰ কামত ‘ইঞ্জিনিয়াৰিং প্ৰচিকিউমেণ্ট’ মোড বা ‘ই পি চি’ পদ্ধতি অবলম্বন কৰা হব। ইতিমধ্যে ফ্ৰন্টিয়াৰ হাইৱেক কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণাল়য়ে ৰাষ্ট্ৰীয় ঘাইপথ – ৯১৩ হিচাপে ঘোষণা কৰিছে। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰে চীনৰ ভাবুকিক প্ৰতিহত কৰাৰ বাবে যাতায়াত ব্যৱস্থা সূচল কৰাৰ লক্ষ্যৰে ২০১৪ চনতে সমগ্ৰ অৰুণাচল প্ৰদেশৰ পূৱ আৰু পশ্চিম দিশক সামৰিব পৰাকৈ দুইলেনযুক্ত এটা পথ নিৰ্মাণ কৰাৰ বাবে চিন্তা চৰ্চা কৰা হৈছিল। পথটো নিৰ্মাণ সম্পুৰ্ণ হলে যিকোনো স্থানৰ পৰা সীমান্তবৰ্তী অঞ্চলসমূহলৈ সেনাৰ গধূৰ বাহন অনায়াসে অহা – যোৱা কৰিব পাৰিব। তেনেদৰে পৰ্যটকৰ দিশটোৰ লগতে দুৰ্গম অঞ্চলৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰখনতো ইতিবাচক প্ৰভাৱ পৰিব বুলি মুখ্য অভিযন্তা অজয় কুমাৰ মিশ্ৰই সদৰি কৰিছে।

Leave A Reply