Breaking

তামুলপুৰ কেন্দ্ৰীয় বিদ্যালয়ত ফল-মূল উৎসৱ আৰু ফল-মূলৰ প্ৰদৰ্শনী

0 108

তামুলপুৰ কেন্দ্ৰীয় বিদ্যালয়ত আজি বিদ্যালয় খনৰ অধ্যক্ষ গুৰুপদ তালুকদাৰ ৰ বিশেষ উদ্যোগত আৰু বিদ্যালয় খনৰ প্ৰাথমিক শিক্ষক হনুমান প্ৰসাদ মীনা আৰু অৰুণ যাদৱৰ সহযোগত এক ফল-মূল উৎসৱৰ লগতে এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হয় ৷ আনন্দ দায়ক শিক্ষাৰ অংশ হিচাপে আজি বিদ্যালয়খনৰ অভিভাৱকৰ জিৰণি কোঠাত অনুষ্ঠিত ফল-মূল উৎসৱ তথা প্ৰদৰ্শনী খন ফিটাকাটি মুকলি কৰে ।


তামুলপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ গুৰুপদ তালুকদাৰে ৷ আজিৰ ফলমূল উৎসৱ তথা প্ৰদৰ্শনীত থলুৱা মধুৰিয়াম, আম, অমিতা, আনাৰস, আপেল, আঙুৰ,নাচপতি,ডালিম,তৰমুজ, কল ,নাৰিকল আদি বিভিন্ন বতৰৰ ফলমূল আদিৰ প্ৰদৰ্শন কৰি সেইবোৰ ছাত্ৰ -ছাত্ৰীৰ মাজত চিনাকী কৰাই দিয়াৰ লগতে আমাৰ অঞ্চলত পোৱা পুষ্টিকৰ ফলমূল সমুহৰ উপকাৰিতা সম্পৰ্কে ছাত্ৰ- ছাত্ৰী সকলক বুজাই দিয়ে বিদ্যালয় খনৰ অধ্যক্ষ তথা সহ শিক্ষক সকলে ৷ বিদ্যালয় খনত অনুষ্ঠিত ফলমূল উৎসৱ তথা প্ৰদৰ্শনীয়ে ছাত্ৰ -ছাত্ৰী সকলক যথেষ্ঠ উৎসাহিত কৰা পৰিলক্ষিত হয় ৷

Leave A Reply