Breaking

এসপ্তাহত বক্স অফিচত ৩০০ কোটি সংগ্ৰহ ‘গাদৰ ২’ৰ…

0 83

বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ছানি দেওলৰ গাদাৰ ২ ছবিয়ে। মুক্তিৰ সপ্তমটো দিনতো ছবিখনে এক বৃহৎ উপাৰ্জন সংগ্ৰহ কৰিছে। এতিয়া এই ছবিখনে উপাৰ্জনৰ ক্ষেত্ৰত ৩০০ কোটিৰ ভৰত প্ৰৱেশ কৰিছে। ছানী দেওলৰ শেহতীয়া মুক্তি পোৱা ছবি ‘গাদাৰ ২’ই সঁচাকৈয়ে ভাৰতীয় বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। ছবিখনে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে, লগতে এই ‘গাদাৰ ২’য়ে প্ৰতিদিনে উপাৰ্জনৰ নতুন অভিলেখ গঢ়িছে।

সমগ্ৰ দেশৰ চিনেমাগৃহত ধুমুহাৰ সৃষ্টি কৰা ‘গাদৰ ২’ মুক্তিৰ মাত্ৰ ৬ দিনৰ ভিতৰতে ২৫০ কোটিৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। একে সময়তে ছবিখন মুক্তিৰ সপ্তমটোৰ দিনত অৰ্থাৎ বৃহস্পতিবাৰৰ উপাৰ্জনৰ প্ৰাৰম্ভিক পৰিসংখ্যা অনুসৰি ২৩.২৮ কোটি টকা সংগ্ৰহ কৰিছে। ‘গাদৰ ২’ ছবিখনৰ মুঠ উপাৰ্জন এতিয়া ২৮৪.৬৩ কোটি টকালৈ বৃদ্ধি। ‘গাদৰ ২’ আৰু ছবিখনে এতিয়া ৩০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিবলৈ অলপ বাকী। এই সপ্তাহৰ শেষৰ ফালে ছবিখনে এই সংখ্যা অতিক্ৰম কৰিব আশা কৰা হৈছে।

আপোনালোকক কওঁ যে ‘গাদৰ ২’ ‘পাথান’ৰ পিছতে ২০২৩ বৰ্ষৰ দ্বিতীয় সৰ্বাধিক ঘৰুৱা উপাৰ্জনকাৰী হিচাপে পৰিগণিত হৈছে।


Leave A Reply