Breaking

গহপুৰ কল্যাণপুৰ গাওঁ পঞ্চায়তৰ উদ্যােগত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

0 1,090

গহপুৰ বৰঙাবাৰীত নাৰী দিৱস উদযাপন। কল্যাণপুৰ গাওঁ পঞ্চায়তৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ছয়দুৱাৰ খণ্ড অভিযান পৰিচালনা গোটৰ অধীনষ্ঠ বুৰৈ মণ্ডল পৰ্যায়ৰ সংগঠন আৰু বিশেষ গ্ৰাম সভাৰ উদ্যােগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে কনকলতা নাট্য কলা ভৱন,বৰঙাবাৰীত। নাৰী দিৱসৰ কাৰ্যসূচীত সভানেত্ৰীৰ আসন অলংকৃত কৰে কল্যাণপুৰ পঞ্চায়তৰ সভানেত্ৰী তথা বিশিষ্ট সমাজসেৱিকা  লখিমী বৰদলৈয়ে। প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী,সমাজসেৱিকা, সাহিত্যিক ৰেনু শইকীয়াই উপস্থিত নাৰী সকলৰ সন্মুখত নাৰী সকলক উদ্যেশি নাৰী জীৱনৰ ওপৰত এক সুন্দৰ ভাষণ আগবঢ়ায়।

বিশিষ্ট বক্তা,অধিবক্তা কংকনা বৰাই আদালতৰ নীতি-নিয়মৰ বিষয়ৰ লগতে নাৰী সবলীকৰনৰ ওপৰত বাখ্যা  দাঙি ধৰে;লগতে নাৰী সমাজলৈ যথেষ্ট ইতিবাচক ভাষন আগবঢ়ায়।গহপুৰ বালিজান চিকিৎসালয়ৰ চিকিৎসক নিৰাজুদ্দিন বৰভূঞা উপস্থিত থাকে নাৰী দিৱস উদযাপন কাৰ্যসূচীত। লগতে উপস্থিত থাকে আঞ্চলিক সদস্যা ইনু  বৰা।,বুৰৈ মণ্ডল পৰ্যায়ৰ সংগঠন পৰ্যায়ৰ সভানেত্ৰী ৰূপা হাজৰিকা, এন:আৰ:এল:এমৰ বিপিএম বিজয় কৃষ্ণ কোঁচ,কল্যাণ পুৰ পঞ্চায়তৰ সচিব জিৎ বাহাদুৰ ছেত্ৰী।উক্ত নাৰী দিৱসৰ কাৰ্যসূচীত মহিলা সকলে  দিহা নাম প্ৰদৰ্শনৰ লগতে জেং বিহু প্ৰদশৰ্ন কৰি জীপাল কৰো তোলে পৰিৱেশটি।

Leave A Reply