Breaking

গেলেকী আৰক্ষীৰ অভিযানঃপুনৰ আৰক্ষীৰ জালত দুই নগা ড্ৰাগছ সৰবৰাহকাৰী : বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ

0 1,532

নাগালেণ্ডৰ ডিমাপুৰৰ পৰা নাজিৰা মহকুমাৰ গেলেকী সীমান্তয়েদি সমগ্ৰ শিৱসাগৰ জিলাত চলে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । সমগ্ৰ অসমৰ লগতে শিৱসাগৰ জিলাৰ সীমান্তবৰ্তী গেলেকীত আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত পোহৰলৈ আহিছে এই কথা।ইফালে যোৱাকালি পৰা গেলেকী আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে।যোৱাকালি বিয়লি  নাজিৰা মহকুমাৰ অসম – নাগালেণ্ড সীমান্তৱৰ্তী গেলেকী আৰক্ষীয়ে সীমান্ত অঞ্চলত অভিযান চলাই সীমান্ত অঞ্চলটোৰ কুখ্যাত ড্ৰাগছৰ ব্যৱসায়ী ইনামুল হুছেইন ওৰফে বিটু(২২ , গেলেকী ৰঙাপাৰা )  আৰু চাহিদা ৰহমান ওৰফে পুতু(২৫ , গেলেকী কলগাওঁ )  ক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি পুৱা পুনৰ ড্ৰাগছসহ দুজন নগা যুৱকক গ্ৰেপ্তাৰ কৰে। গেলেকী আৰক্ষী থানাৰ এছ আই সুনীল দাসৰ নেতৃত্বত যোৱা অভিযানকাৰী আৰক্ষীৰ এটা দলে সীমান্ত অঞ্চলটোৰ আঠখেলৰ পৰা মুৱাটেমচু চামটাম(৩১)আৰু ইম্নলিনবা(২৫)নামৰ নাগালেণ্ডৰ দুই যুৱকক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে।মুৱাটেমচুৰ ঘৰ নাগালেণ্ডৰ টুৱেনচাঙৰ লাংখিম নগৰত আৰু ইম্নলিনবাৰ ঘৰ হৈছে নাগালেণ্ডৰ ডিমাপুৰত ।  উল্লেখ্য যে এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী দলটোৱে দীৰ্ঘদিন ধৰি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা সীমান্তৰ এই অঞ্চলটোৱেদি গেলেকী,নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলৰ লগতে সমগ্ৰ শিৱসাগৰ জিলাত ড্ৰাগছ,হিৰইন’ব্ৰাউন চুগাৰৰ এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।যোৱাকালি গেলেকী ৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী দলটোৱে নাগালেণ্ডৰ পৰা ড্ৰাগছ গেলেকীত বিক্ৰি কৰাৰ উদেশ্যে অনাৰ মূহুৰ্তত গ্ৰেপ্তাৰ হোৱাৰ পাছত আজি নাগালেণ্ডৰ দুই যুৱক বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই সমগ্ৰ শিৱসাগৰ জিলাত যে নাগালেণ্ডৰ পৰা গেলেকী সীমান্তইদি এক ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ কথা পোহৰলৈ আহিছে। নাগালেণ্ডৰ ডিমাপুৰৰ পৰা মুককচা,টুৱেনচাং,লংলং আদি নাগালেণ্ডৰ বিভিন্ন অঞ্চলৰ পৰা সীমান্তৰ এই অঞ্চলটোৱেদি গেলেকী,নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলৰ লগতে সমগ্ৰ শিৱসাগৰ জিলাৰ একাংশ কলেজ,স্কুলীয়া যুৱকৰ যোগেদি যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ এই মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় অব্যাহত আছে ।

Leave A Reply