Breaking

গেলেকীত গৰখীয়া সবাহ,ভোগালী সন্ধিয়া উদযাপন

0 1,138

গ্ৰাম্য সমাজত পৰম্পৰাগত ভাবে চলি অহা গৰখীয়া সবাহ,অর্থাৎ গৰখীয়া ভোগ বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত নষ্টালজিয়াত পৰিণত হৈছে যদিও নাজিৰাৰ ভিতৰুৱা সীমান্তৱতী অঞ্চল গেলেকী লাহন গাঁৱত কালি পূৰ্বৰ দৰেই স্থানীয় গঞা ৰাইজে পৰম্পৰাগত ৰীতি-নীতিৰে গৰখীয়া সবাহ সমুহীয়া ভাবে উদযাপন কৰে। পূৱাৰ ভাগত অদৃশ্যজনৰ প্ৰতি সেৱা-অৰ্চনাৰে আৰম্ভ হোৱা মাংগলিক কাৰ্যসূচীৰে দুপৰীয়া গৰখীয়া সবাহৰ মূলকাৰ্যসূচী মুকলি কৰি লোকশিল্পী অনুজ ৰাজখোৱাই গৰখীয়া সবাহ,বা গৰখীয়া ভোগৰ তাৎপৰ্যৰ ওপৰত বিশ্লেষণাতক ভাষণত কয়,গৰখীয়া লৰাক ভগৱান শ্ৰীকৃষ্ণৰ লগত তুলনা কৰা হয় আৰু গৰখীয়া লৰাক সন্তোষ্ট কৰামানেই ভগৱান শ্ৰীকৃষ্ণক সন্তোষ কৰা হয়।গৰখীয়া লৰাক গৃহস্থই ঘৰলৈ মাতি আনি অথবা মুকলি স্থান,পথাৰ আদি নানা স্থানত গৰু “উদংমেলা”কৰি আঘোণ-পুহ মাহত কোনো এটা দিনত পালন কৰা হয়।গৰখীয়া সবাহৰ আন কেইবাটাও তাত্বিক আৰু আধ্যাত্মিক কাৰণো থকা বুলি সাংবাদিক তথা লোকশিল্পী অনুজ ৰাজখোৱাই ভাষণত কয়।গৰখীয়া সবাহৰ সামৰণিত গেলেকী দৈখনা সোণালী সমাজৰ প্ৰাংগণত বছাপথাৰৰ বাকৰিত লোকনৃত্য গীতৰ এক মনোজ্ঞ সাংস্কৃতিক কাৰ্যসূচীয়ে সমবেত হেজাৰ-হেজাৰ দৰ্শক-শ্ৰুোতাক আকৰ্ষণ কৰে।

টকৌপাত আৰু কলপাত,নৰা-খেৰ আদিৰে গৰখীয়া সবাহ স্থলী মুকলি পথাৰত নিৰ্মাণ প্ৰাকৃতিক সু-সৰ্জিত মঞ্চত দৈখনা সোণালী সমাজৰ গাভৰু সকলে গ্ৰাম্যভিত্তিক বিহু প্ৰদৰ্শণ,স্থানীয় ৰাংঢালি মহিলা দ’লে পৰিবেশন কৰা জাকৈ নাচে সকলোকে মুগ্ধ কৰাৰ উপৰি গৰখীয়া নৃত্যই সাংস্কৃতিক কাৰ্যসূচীৰ জেউতী চৰায়।এই অনুষ্ঠানত বিশেষ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে নিউজ লাইভৰ ৰাজনৈতীক বিশ্লেষক চাঁয়ামনি ভুঞা,জ্যেষ্ঠ সাংবাদিক নিপ কুমাৰ বৰুৱা।সন্মানীয় অতিথিদ্বয়ক কৌপাতৰে বাহঁৰ চুঙাত প্ৰস্তুত বৰা চাউলৰ চুঙা চাউল,মহদৈৰ টেকেলি,কাঠ আলু,গুণমালা,চেলেং চাদৰ,গামোছা আদিৰে সম্ভাষণ জনোৱা হয়।পিছত নিউজ লাইভৰ ভোগালী প্ৰস্ততি সাংস্কৃতিক কাৰ্যসূচীত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মীনাক্ষী নেওগ,ঐচৰ্য বৰপাত্ৰ গোহাঁই,মণ্টুমনি শইকীয়া,গিতালী কাকতী,দৃষ্টিশিষা আদি ভালে কেইজন শিল্পীয়ে গীতেৰে-সুৰৰে জীপাল কৰি তোলে ভোগালী প্ৰস্তুতি সন্ধিয়া।এই অনুষ্ঠানত গণ শিল্পী ঘণ চেতিয়া,গেলেকী জুনিয়ৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা জ্যেষ্ঠ নাগৰিক সন্মিলণীৰ সভাপতি সুৰেশ চেতিয়া,চিত্ৰ-ভাস্কৰ্য শিল্পী নিৰন্ত গগৈ,বৈষ্ণৱ পণ্ডিত চুচন গগৈ,সমাজকৰ্মী ৰাতুল গগৈকে ধৰি ভালে সংখ্যকে বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে।

Leave A Reply