Breaking

আকৌ যেন নিৰ্ভয়া কাণ্ড। ১৯টা সুৰামত্ত দুৰ্বৃত্তই চলন্ত গাড়ীত সতীত্ব হৰণ কৰি নিৰ্যাতন চলালে। তাৰে চাৰিটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ।

0 74

যেন পুনৰাবৃত্তি ঘটিল দিল্লীৰ শিহৰণকাৰী নিৰ্ভয়া কাণ্ডৰ ।চলন্ত গাড়ীৰ ভিতৰত নিশা এগৰাকী  ১৯ বছৰীয়া মডেলক দলবদ্ধ সতীত্ব হৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। এইবাৰ ঘটনাৰ স্থান কেৰালাৰ কোচি। জানিব পৰা মতে যোৱা নিশা মডেলগৰাকীয়ে  এখন বাৰলৈ মদ্যপান কৰিবলৈ গৈছিল গৈছিল।
তাৰ পৰা ঘৰলৈ উভতি যাওঁতে যুৱতীগৰাকীক  এখন গাড়ীত দলবদ্ধভাবে সতীত্ব হৰণ কৰা হয়। ঘটনাসন্দৰ্ভত আৰক্ষীয়ে তিনিজন যুৱক আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে।  কেৰালাৰ কোচিত চলন্ত গাড়ীত এগৰাকী ১৯ বছৰীয়া মডেলক দলবদ্ধ সতীত্ব হৰণ কৰাৰ ঘটনাই এতিয়া তাব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
সংবাদ সংস্থাৰ বাতৰি অনুসৰি যুৱতীগৰাকীয়ে কোচিৰ এখন বাৰলৈ গৈছিল আৰু তাত অত্যধিক সুৰাপান কৰিছিল।নিশা তেওঁ  গাড়ীৰ বাবে  অপেক্ষা কৰি আছিল। সেই সময়তে  অভিযুক্ত কেইজনে  তেওঁক ঘৰত থৈ আহিব বুলি কৈ নিজৰ বাহনত তুলি লৈছিল।
অভিযোগ অনুসৰি গাড়ীত উঠাৰ পিছত যুৱককেইজনে যুৱতীগৰাকীক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত তেওঁক  দলবদ্ধ ধৰ্ষণ কৰা হয়। অভিযুক্তকেইজনে  ছোৱালীজনীক নিশা ঘৰৰ ওচৰতে এঠাইত পেলাই থৈ যায়। অৱশেষত মডেলগৰাকীক তেওঁৰ  ৰুমমেটে  উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি ছোৱালীজনীৰ শৰীৰত আঘাতৰ চিহ্ন আছে। তেওঁ বৰ্তমান এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাটো চিকিৎসালয়ে  আৰক্ষীক জনাইছিল। ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৭০ আৰু ৩৭৬ ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।
এই ঘটনাৰ পিছতে ৰাজ্যখনৰ স্বাস্থ্য, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী বীণা গাৰ্গে কয়, “এয়া এক নিন্দনীয় ঘটনা। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মই ছোৱালীজনীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছো। 

Leave A Reply