Breaking

ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণতৰ দিশত বাগিচা অঞ্চল : বিধি সন্মত ভাবে অনুষ্টুপীয়াকৈ বাগিচাৰ পূজা অৰ্চনা

0 1,583

সম্প্ৰতি বিশ্বনাথ জিলাত ক’ৰণা অতিমাৰীৰ ফলত জিলা প্ৰশাসনে কালিৰে পৰা সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। কিছু দিনলৈ জিলাখনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বিপনী সমূহ খোলা ৰাখিছিল যদিও ক’ৰণা সংক্ৰমণৰ হাৰ হ্ৰাস নোহোৱাত নতুন বিধি অনুসৰি সম্পূৰ্ণকৈ লকডাউনৰ ঘোষণা কৰিছে। ইপিনে ৰাজ্যত ক’ভিড পৰিস্থিতি সৃষ্টি হোৱাৰ পৰাই ৰাজ্যখনৰ চাহ বাগিচাসমুহ নিয়মীত ভাবে কাম চলি থকাৰ মাজতে বিশ্বনাথ জিলাৰ নদুৱাৰ অন্তৰ্গত বৃহত্তৰ দিকৰাই চাহ বাগিচাত  যোৱা সোমবাৰে বাৰ্ষিক ‘বুড়া বাবা’পূজা অনুষ্ঠিত হৈ যায়।অৱশ্যে বাগিচাখনত পৰম্পৰাগত ভাবে অনুষ্ঠিত কৰি অহা বুড়া বাবা পূজা ভাগ বিগত দিনৰ যাক-যমকতাৰ পৰিবৰ্তে এই বেলি পূজা ভাগ অনুষ্টুপীয়াকৈ আয়োজন কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে দিকৰাই চাহ বাগিচাৰ মাজমজিয়াত ঊনৈশ শ শতিকাতে স্থাপন হোৱা বুড়া বাবা থানত বিশেষকৈ শিৱ ৰাত্ৰি,বল বোমৰ লগতে বাগিচা খনৰ বাৰ্ষিক বুড়া বাবা পূজা ভাগ অনুষ্ঠিত হৈ অহাৰ লগতে প্ৰায়েই অঞ্চলটোৰ ৰাইজে পূজা অৰ্চনাও শৰাই আদি আগবঢ়াই অহা পৰিলক্ষিত হয়। লোক বিশ্বাস অনুযায়ী বুড়া বাবা থানত পূজা অৰ্চনাৰে মনোবাঞ্চা পূৰন হোৱাৰ উপৰিও বিশেষকৈ দিকৰাই চাহ বাগিচাখনত কৰ্মৰত চাহ শ্ৰমিকসকলৰ অপায়-অমংগল দূৰ হোৱা আৰু বাগিচাখনৰ শ্ৰীবৃদ্ধি হোৱাত সহায় কৰি আহিছে বুলি ৰাইজে বিশ্বাস কৰি আহিছে। ইপিনে পূজা ভাগত বিশ্বনাথ মণ্ডলৰ চাহ মজদুৰ সংঘৰ সম্পাদক নগেন গোৱালা আৰু দিকৰাই চাহ বাগিচা গোটৰ সভাপতি সুনিল নায়কৰ লগত হোৱা আচুতীয়া সাক্ষাৎকাৰত বৰ্তমাণ জিলাখনৰ অন্তৰ্গত বাগিচা সমুহত ক’ৰণা সংক্ৰমণ নিয়ন্ত্ৰণৰ দিশত আছে বুলি কোৱাৰ লগতে স্বাস্থ্য বিভাগে প্ৰদান কৰা ক’ভিড ভেকচিন প্ৰায় ৭০ শতাংশ লোকে গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।

Leave A Reply