Breaking

মুছলপুৰত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী

0 2,043

সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ আহ্বানত  আজি  বাক্সা জিলা গৰিয়া-মৰিয়া -দেশী জাতীয় পৰিষদৰ আহ্বায়ক সমিতিয়ে জিলা সদৰ মুছলপুৰত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। গৰিয়া-মৰিয়া সকলক ভূমিপুত্ৰ হিচাপে স্বীকৃতি দিয়া, জনগোষ্ঠীয় মৰ্যাদা প্ৰদান, সুকীয়া জৰীপ আৰু চিনাক্ত কৰণ প্ৰক্ৰিয়াৰে জনগোষ্ঠীৰ লোক সকলকৰ হৃত মৰ্যাদা ৰক্ষা কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে ধৰ্মীয় পৰিচয়ৰ সলনি জনগোষ্ঠীয় পৰিচয় আমাক লাগিবই, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ জিন্দাবাদ, আমাক জনগোষ্ঠীয় মৰ্যাদা প্ৰদান কৰক, ভূমিপুত্ৰ সকল এক হওক আদি শ্ল’গানৰে মুছলপুৰ চহৰ উত্তাল কৰি তোলে। ইয়াৰ পিছত সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ সংগঠনটোৰ কে’বাটাও দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজিৰ এই মানৱ শৃংখল কাৰ্যসূচীত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সহঃ সাধাৰণ সম্পাদক জালালুদ্দিন আহমেদ,বাক্সা জিলা সমিতিৰ সভাপতি আজিজুল হক, সাধাৰণ সম্পাদক আতিকুৰ ৰহমানকে ধৰি সংগঠনটোৰ কেবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।

Leave A Reply