Breaking

“গেষ্ট্ৰিকে কেতিয়াবা মাৰ্ডাৰ কৰিব’’…

0 117

“গেষ্ট্ৰিকে কেতিয়াবা মাৰ্ডাৰ কৰিব’’
ৰিপণ জামান
হ’ল আজি কেইদিনমান, ফেচবুকত এটা পোষ্ট পাইছিলোঁ,পোষ্টটো আছিল“গেষ্ট্ৰিকে কেতিয়াবা মাৰ্ডাৰ কৰিব’’, পোষ্টটো মোৰ বন্ধুৰ তালিকাত থকা এগৰাকীয়ে দিছিল৷বিভিন্ন জনে বিভিন্ন মন্তব্য আগবঢ়াইছিল৷মন্তব্যত কোনোবাই কিবা খাবলৈ দিছিল,কোনোবাই আকৌ কিবা খাবলৈ বাধা দিছিল ইত্যাদি৷ মই মন্তব্য দিলোঁ“ এয়া মাৰ্ডাৰ নহয় আত্মহত্যাহে,কিয়নো গেষ্ট্ৰিক নিজে নিজে অহা নাই আপুনি মাতিহে আনিছে, গতিকে দোষ আপোনাৰেই’’৷প্ৰত্যুত্তৰত তেওঁ দোষ স্বীকাৰো কৰিলে৷যিকি নহওক এই অৱস্থা চাগে আজি প্ৰায় ভাগ মানুহৰে৷বোধকৰো ৯৫% শতাংশ মানুহেই আজি এই গেষ্ট্ৰিকৰ জ্বালা যন্ত্ৰণা সহ্য কৰিবলগীয়া হৈছে৷অথচ মাত্ৰ কেইবছৰমান আগতে ইয়াৰ প্ৰকোপ ইমান নাছিল৷মনত পৰে চাকৰিৰ প্ৰথম অৱস্থাৰ কথা, হস্পিটেলত গেষ্ট্ৰিকৰ দৰৱ কেইটা দিলে বহুত সময়ত “এই সোপানো কিমান দিয়ে? নালাগে যাওক’’ এই বুলি বহুতেই ঘুৰাই দিছিল, আৰু আজি হস্পিটেলত যি বেমাৰৰ বাবেই নাহক কিয় গেষ্ট্ৰিক দৰৱ দুটামান লাগিবই৷একপ্ৰকাৰ দাবী কৰিয়ে লৈ যায়৷মানে এতিয়া পৰিৱেশ সম্পূৰ্ণ বিপৰীত৷ দহ বাৰ বছৰীয়া ল’ৰাছোৱালীৰ পৰা আৰম্ভ কৰি ল’ৰা,বুঢ়া ,ডেকা সকলো আজি গেষ্ট্ৰিকৰ কবলত৷হঠাতেই ইয়াৰ প্ৰকোপ কিয় ইমান বাঢ়িল বাৰু, ইয়াৰ কাৰণ সমুহ যদি আপুনি বিশ্লেষণ কৰিব যায় দেখিব মুলতঃ কাৰণ ইয়াৰ এটাই লাইফ ষ্টাইল৷আগৰ লাইফষ্টাইল আৰু এতিয়াৰ লাইফষ্টাইলৰ মাজত আকাশ পাতল প্ৰভেদ দেখা যায়৷ এতিয়াৰ লাইফষ্টাইল বহুত সলনি হ’ল মানুহৰ যাৰ বাবেই হয়তো আজি গেষ্ট্ৰিকৰ প্ৰভাবো ইমানকৈ বাঢ়িছে৷


লাইফ ষ্টাইলৰ লগতে আছে খাদ্যাভ্য৷খাদ্যাভাসৰো ভীষণ পৰিৱৰ্তন হ’ল৷ টেঙা,তিতা,খাৰ আদি কাৰো আজিকালি জিভাত নলগা হ’ল৷সকলোকে মাথো মচলা যুক্ত খাদ্যহে লাগে৷ লগতে ফাষ্ট ফুড বোৰতো আছেই জ্বলা জুইত ঘিউ ঢালিবলৈ৷এইখিনিতে খোৱাবোৱাৰ ক্ষেত্ৰত আৰু এটা কথ কব লাগিব সময়ানুৱৰ্তিা৷ খোৱাবোৱাত কোনেও আজিকালি সময়ানুৱৰ্তিতা মানি নচলে৷৷এনেকুৱা হ’ল যে সময়মতে খোৱাবোৱা কৰিবলৈও কাৰো সময় নোহোৱা হ’ল৷ গতিকে গেষ্ট্ৰিক বাঢ়িবই,নাবাঢ়িব কিয়৷ ৰাতি দেৰিকৈ শোৱাটো আজিকালি এটা ষ্টাইল হ’ল আৰু পুৱা দেৰিকৈ উঠাটোও এটা ফেশ্বনত পৰিণত হ’ল৷ফলত কি হ’ল, ৰাতিৰ আহাৰ আৰু পুৱাৰ আহাৰৰ মাজত এক বৃহৎ ব্যৱধানৰ সৃষ্টি হ’ল৷ তাতে আকৌ পুৱাই বিস্কুট দুখন মানেৰে চাহ একাপ খাই বেলি দুপৰলৈ ভাতসাঁজ খোৱাটো এটা অভ্যাসত পৰিণত হ’ল,এইটো আচলতে এট বদঅভ্যাস বুলিহি কব লাগিব৷কোৱা হয় সু স্বাস্থ্যৰ বাবে পুৱা ৰজাৰ দৰে আৰু ৰাতি দৰিদ্ৰৰ দৰে খাব লাগে,কিন্ত আজি আমি ইয়াৰ এক সম্পূৰ্ণ ওলোটা ছবিহে দেখা পাওঁ৷

এনেবোৰ কাৰণতেই গেষ্ট্ৰিকটোৱে দিনকদিনে লাই পাই গৈছে৷কাৰণ আৰু বহুত আচে,আৰু এটা কাৰণ কৈ থোৱা ভাল হব,কাৰণটো হ’ল টেনছন৷টেনছন নোহোৱা মানুহ চাগে আজি এজনো নোলাব৷এই টেনছনটোও গেষ্ট্ৰিকৰ এটা অন্যতম কাৰণ৷কিন্ত এইযে সাত আঠ বছৰীয়া ল’ৰাছোৱালীয়েও গেষ্ট্ৰিকৰ দৰৱ খাবলগীয়া হৈছে ইয়াৰ কাৰণটো কি জানেনে?মাকবাপেকৰ মৰম৷মৰমতে মাকবাপেকবোৰে চিপচ,কুৰকুৰী,বিভিন্ন ধৰণৰ ফাষ্ট ফুড সোপা আনি সন্তানক খুৱাব আৰু ক্ৰমাত সিহঁত আন খোৱা বস্তু এৰি এইবোৰৰ প্ৰতি আসক্ত হৈ পৰে৷ মাকবাপেকৰ এই মৰমেই এইদৰে সন্তানৰ স্বাস্থ্যৰ ক্ষতি কৰিছে৷
ভাবকচোন এবাৰ সাত আঠ বছৰ বয়সৰ পৰাই গেষ্ট্ৰিকৰ দৰব খাবলগীয়া হলে পিছলৈ কিয় অৱস্থা হব৷গতিকে মৰম কৰক,কিন্ত আপোনাৰ মৰমে যাতে আপোনাৰ সন্তানৰ স্বাস্থ্যৰ হানি নকৰে তালৈ চকু দিয়াটোও আপোনাৰ কৰ্তব্য৷
শেষত ফেচবুকৰ বন্ধু গৰাকীৰ লগতে আপোনালোককো কৈছো “গেষ্ট্ৰিকক মাৰ্ডাৰ কৰাৰ সুবিধা আপুনি দিয়েনো কিয়?’’অকনমাণ অভ্যাসৰ পৰিৱৰ্তন কৰকচোন ই আপোনাৰ কাষ চাপিবই নোৱাৰিব৷মচলাযুক্ত বা তেলজাতীয় খাদ্য এৰাই চলক৷সময়মতে আৰু নিয়মিত ভাবে সুষম খাদ্য গ্ৰহণ কৰক৷দুটা প্ৰধান আহাৰৰ মাজত ব্যৱধান কমাই আনক৷কম কমকৈ খাওক কিন্ত সঘনাই খাওক৷ৰাতি সোনকালে শোৱাৰ আৰু পুৱা সোনকালে উঠাৰ অভ্যাস কৰক৷নিয়মিত ভাবে ব্যায়াম আদি কৰক৷ ৰাতি উজাগৰে থকাৰ অভ্যাস পৰিহাৰ কৰক৷ এইকেইটা নিয়ম মানি চলিব পাৰিলেই গেষ্ট্ৰিকে আপোনাক “মাৰ্ডাৰ’’ কৰা দুৰৰ কথা আপোনাৰ কাষেই চাপিব নোৱাৰিব আৰু আপুনি সুন্দৰ ভাবে জীৱনটো উপভোগ কৰিব পাৰিব৷

Leave A Reply