Breaking

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ চৰকাৰ আৰু পৌৰ নিগমক

0 58

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন নিৰ্ধাৰিত সময়সীমা উকলি যোৱাৰ পিছতো কিয় অনুষ্ঠিত কৰা হোৱা নাই সেই সম্পৰ্কে চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমক জবাবদিহি কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ৭ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ৷

গুৱাহাটী পৌৰ নিগমৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল ২০১৩ চনৰ ৩১ জুলাইত৷ উক্ত বৈঠকত গঠন হোৱা সমিতিখনৰ ম়্যাদ অন্ত পৰাৰ সময়তে নিৰ্বাচন অনুষ্ঠিত কৰি এখন নতুন সমিতি গঠন কৰিব লাগে৷ কিন্তু ২০১৮ চনৰ ৩১ জুলাইত এই নিৰ্ধাৰিত সময় পাৰ হৈ যাই যদিও চৰকাৰ কিম্বা পৌৰ নিগম কৰ্তৃপক্ষই অনুষ্ঠিত কৰা নাই নিৰ্বাচন৷ যাৰ বাবে সমাজকৰ্মী মীৰা বৰঠাকুৰে আদালতৰ সমগ্ৰ বিষয়টো দৃষ্টিগোচৰ কৰি এখন ৰাজহৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰে৷

এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে চৰকাৰ আৰু পৌৰ নিগমক জবাবদিহি কৰে৷ ৭ দিনৰ ভিতৰত বিগত দুটা বছৰে নিৰ্বাচন অনুষ্ঠিত নকৰাৰ কাৰণ দৰ্শাবলৈ চৰকাৰ আৰু পৌৰ নিগমক নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে৷

Leave A Reply