Breaking

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সন্মিলন সম্পন্ন

0 224

ন- পুৰণি ছাত্র-ছাত্ৰীৰ অতীত ৰোমন্থনেৰে দেওবাৰে জীপাল হৈ উঠিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰি। বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী উপলক্ষে অনুষ্ঠিত সতীৰ্থ সন্মিলনত সৃষ্টি হল অনন্য পৰিবেশৰ। বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ পৰৱৰ্ত্তী পৰ্যায়ৰ ভিন্ন সময়ৰ বহু প্ৰাক্তন জ্যেষ্ঠ ছাত্ৰই সোঁৱৰিলে সোণালী অতীত।

অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি প্ৰাক্তন অধ্যাপক উমেশ ডেকাৰ সভাপতিত্বত অনুষ্টিত সভাত সতীৰ্থ সন্মিলন মুকলি কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে। স্মৰণিকা উন্মোচন কৰে বিশ্ববিদ্যালয়ৰ জৱাৰহাৰলাল নেহৰু আসনৰ প্ৰাক্তন অধ্যাপক শৈলেন ভৰালীয়ে।

অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক কনক চন্দ্ৰ চহৰীয়াৰ আদৰণি ভাষনেৰে আৰম্ভ অনুস্থানটো বন্তি প্ৰজ্জ্বলনেৰে মুকলি কৰে উপাচাৰ্য ডঃ সন্দিকৈয়ে কয় যে অসমৰ জাতীয় জীৱনত অসমীয়া বিভাগৰ অৱদান অনবদ্য। বিভাগৰ উত্থান মন কৰিব লগীয়া।ভাষা সাহিত্যৰ উন্নয়নৰ ক্ষেত্ৰত অসমীয়া বিভাগটোৱে বহু কৰিছে।বিভাগটোৰ আৰু অধিক উন্নয়নৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

বিশ্ববিদ্যালয়খনেও নিজৰ উত্তৰণৰ বাবে যথা সাধ্য কাম কৰি গৈছে। বহু উন্নতি কৰিছে বিশ্ববিদ্যালয়খনে। ৮টা বিভাগেৰে আৰম্ভণি হোৱা বিশ্ববিদ্যালয়খনত এতিয়া ৪৯ তা বিভাগ। ৩৪২ খন স্বীকৃতি প্ৰাপ্ত কলেজ আছে বিশ্ববিদ্যালয়খনৰ। অসমীয়া বিভাগে পৰ্য্যাপ্ত শৈক্ষিক বিশেষজ্ঞ সৃষ্টি কৰিব পাৰিব বুলি তেওঁ আশা পোষণ কৰে। স্মৃতিগ্ৰন্থ উন্মোচন কৰি ডঃ ভৰালীয়ে কয় যে স্মৰণিকা খনত বিশ্ববিদ্যালয়ৰ ঐতিজ্য সোমাই আছে।

স্বনামধন্য পণ্ডিতে প্ৰতিনিধিত্ব কৰিছিল এই বিভাগটোক। অসমৰ জাতীয় জীৱনৰ কিবা সমস্যা হলেই সমাধান সূত্ৰ বিচাৰি বিভাগটোলৈ সকলোৱে ঢপলিয়াই আহিছিল। বিভাগটোৰ কাণ্ডাৰী সকলে যি সমাধান দিছিল সেই সমাধানেই আছিল চূড়ান্ত। তেওঁ কয় যে বাণীকান্ত কাকতি, বিৰিঞ্চি কুমাৰ বৰুৱা,মহেশ্বৰ নেওগ, ডঃ সত্যেন্দ্ৰ নাথ শৰ্মা আদি পণ্ডিত সকল আছিল উৎকৰ্ষতাবাদী। এনে পণ্ডিতৰে গীজগিজাই থকা বিভাগ এটাৰ ঐতিজ্য আমি ৰক্ষা কৰিব নোৱাৰিলো। আজিৰ ছাত্র ছাত্ৰীয়ে কিতাপ পত্ৰৰ প্ৰতি আগ্ৰহ কমি গৈছে বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে।সেই অনীহাৰ বাবে আজিকালি কাকত -আলোচনী বিক্রী নহয়। এনেদৰে ভাষাটো ,জাতিটো কিদৰে বাছি থাকিব। সেয়া চিন্তাৰ বিষয়।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।ডঃ শৈলেন ভৰালী, ডঃগোবিন্দ প্ৰসাদ শৰ্মা, ডঃলীলাৱতী শইকীয়া বৰা, ডঃমালিনী গোস্বামী, ডঃ দীপ্তি ফুকন পাটগিৰিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত বিভাগৰ প্ৰাক্তন ছাত্ৰ ভদ্ৰেশ্বৰ ৰাজখোৱা, ভৱানী প্ৰসাদ অধিকাৰী, হেম কাকতি, অঞ্জলি শৰ্মা, প্ৰমোদ হালৈ, গোলকেশ্বৰ গোস্বামীক সম্বৰ্ধনা জনোৱা হয়। তাৰ পৰৱৰ্তী পৰ্য্যায়ত ন-পুৰণি ছাত্ৰৰ মত বিনিময় অনুষ্ঠান অনুষ্টিত হয়।

অনুষ্ঠানটো উদ্বোধন কৰে বিভাগৰ ছাত্ৰী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক কৰবী ডেকা হাজৰিকাই। সতীৰ্থ সন্মিলনৰ আৰম্ভণিতে বিৰিঞ্চি বৰুৱা প্ৰেক্ষাগৃহৰ সন্মুখত বিশ্ববিদ্যালয়ৰ পতাকা উন্মোচন কৰে শ্ৰেণী সমূহৰ সচিব ডঃ জগদীশ শৰ্মাই। মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰে ডঃ উমেশ ডেকাই। স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ কনক চন্দ্ৰ চহৰীয়া আৰু সম্পাদক ডঃ বিমল মজুমদাৰে। সন্ধিয়া অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়া।

Leave A Reply