Breaking

গৌৰাংগ বৰাৰ গ্ৰন্থ ‘গদ্য লেখা’ উন্মোচন

0 1,178

‘চ’চিয়েল মিডিয়া বা ইলেকট্রনিক মিডিয়াৰ বহল প্ৰসাৰত ছপা মাধ্যমৰ বিকাশ স্থবিৰ নোহোৱা নহয়। কিন্তু পুনৰ নতুন প্ৰজন্মৰ প্ৰচেষ্টাতে গ্ৰন্থই পোহৰৰ বাট মেলিব । ‘ এই মন্তব্য বিশিষ্ট লেখক – সমালোচক অৰিন্দম বৰকটকীৰ। আজি  যুৱ লেখক, নাট্যকৰ্মী গৌৰাংগ বৰাৰ ‘গদ্য লেখা’শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি  বৰকটকীয়ে এই মন্তব্য আগবঢ়াই।  বৰকটকীয়ে গ্ৰন্থ প্ৰসংগৰ উল্লেখ কৰি  কয় যে ‘ যুৱ লেখক গৌৰাংগ বৰাৰ গদ্য লেখাৰ প্ৰতিটো বিষয়ে গুৰুত্বপূৰ্ণ। চুটি লেখাৰ মাজেৰে গভীৰ বিষয়বস্তু গ্ৰন্থ খনিত পাঠকে বিচাৰি পাব ‘ । নগাঁও ইলেকট্রনিক মিডিয়াৰ কাৰ্যালয়ত ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কলংপাৰ কাকতৰ মুখ্য সম্পাদক তথা জেষ্ঠ্য সাংবাদিক গুৰুমাইল সিঙে কয় যে ‘ গৌৰাংগ বৰাৰ দৰে নতুন প্ৰজন্মৰ লেখকসকলেই ভৱিষ্যতে অসমীয়া ভাষা সাহিত্যক ধৰি ৰাখিব লাগিব।’ সন্মানীয় অতিথি হিচাপে নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকাই ভাষণ প্ৰসংগত কয় ‘ নতুন প্ৰজন্মৰ লেখক সকলে গ্ৰন্থ ৰচনাত ব্ৰতী হোৱাটো গ্ৰন্থ পঢ়ুৱৈৰ বাবে আশাৰ ৰেঙনি। ‘  ‘ পৱন কুমাৰ বৰাই আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত গ্ৰন্থ খনিৰ লেখক গৌৰাংগ বৰাই নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে ‘  নতুন প্ৰজন্মক গ্ৰন্থ অধ্যায়নৰ  প্ৰতি আগ্ৰহী কৰি তোলায়ে আমাৰ মূল উদ্দেশ্য। শংকৰদেৱৰ পৰা, জ্যোতিপ্রসাদ আগৰৱালাৰ নাটকৰ লগতে সমাজ আৰু ভাষাৰ প্ৰতিটো দিশ মাথো গ্ৰন্থ খনিত চুই যাবলৈ চেষ্টা কৰিছো। অনুষ্ঠানত সাংবাদিক অজিত শইকীয়া, বিৰেণ বৰা, লেখকৰ পিতৃ নাৰায়ণ বৰা,মিজু বৰাকে প্ৰমুখ্য কৰি নগাঁও ইলেকট্রনিক মিডিয়াৰ সংবাদকৰ্মী সকল গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে।

Leave A Reply