Breaking

গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈয়ে আগতে আহোমৰ কথা ক’লে সাত জাপ মাৰেঃ দয়ানন্দ বৰগোহাঁই

0 25

গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈয়ে আগতে আহোমৰ কথা ক’লে সাত জাপ মাৰেঃ দয়ানন্দ বৰগোহাঁই।
‘হিমন্ত বিশ্ব শৰ্মা এজন ডাইনেমিক পাৰ্চনেলিটীৰ গৰাকী ব্যক্তি’, ‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাম কৰাৰ আগ্ৰহটোক আমি সন্মান কৰো’; ‘হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ চৰকাৰতকৈ যথেষ্টখিনি কাম কৰিছে’ মৰাণত সংবাদমেলত দয়ানন্দ বৰগোহাঁইৰ এই মন্তব্য।

গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈয়ে আগতে আহোমৰ কথা কলে সাত জাপ মাৰিছিল। ১৫ বছৰে শাসনত থকা প্ৰয়াত তৰুণ গগৈয়ে আহোমৰ কথা ক’বলৈ মানা কৰিছিল। ‘মই অকল আহোমৰ মন্ত্ৰী নহয় বুলি কৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে।’- এই মন্তব্য দয়ানন্দ বৰগোহাঁইৰ। মৰাণৰ নিজ বাসগৃহত এখন সংবাদমেলত এনেদৰে মন্তব্য কৰে দয়ানন্দ বৰগোহাঁয়ে।


মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা কৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা এজন ডাইনেমিক পাৰ্চনেলিটীৰ গৰাকী ব্যক্তি আৰু ১৭ বছৰতকৈ বেছি মন্ত্ৰী হৈ থকাৰ অভিজ্ঞতা থকা ব্যক্তি। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে ড্ৰাগছৰ বিৰুদ্ধে, মাটি দালাল, দুৰ্নীতিৰ বিৰুদ্ধে কেনে ধৰণৰ পদক্ষেপ লৈছে সেয়া উল্লেখ কৰে। আনহাতে, গুৱাহাটীত ক্ষীপ্ৰ গতিত দলং নিৰ্মাণৰ কথাটোও তেওঁ সংবাদমেলত উল্লেখ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যিটো কাম কৰাৰ আগ্ৰহ, সেই কাম কৰাৰ আগ্ৰহটোক আমি সন্মান কৰো।


আনহাতে, সংবাদমেলত তেওঁ ২০১৬ চনৰ পৰা বিজেপি চৰকাৰখনে বৰ্তামানলৈ অসমৰ জনগোষ্ঠীসমূহৰ বাবে যথেষ্টখিনি কাম কৰা বুলি উল্লেখ কৰে। উদাহৰণস্বৰূপে মৰাণ-মটক, সোণোৱাল কচাৰীসকলক অটনমাচ কাউঞ্চিল দিয়া, বীৰ লাচিতক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ প্ৰয়াস চলোৱা আদিৰ কথা উল্লেখ কৰে। ইয়াৰ উপৰি অন্যান্য বহুতো বিষয়ত চৰকাৰখনে মনোযোগ দিয়াৰ কথাও তেওঁ সংবাদমেলত উল্লেখ কৰে। আনকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ উদ্যোগত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন, আলাবৈত যুদ্ধ স্মাৰক নিৰ্মাণৰ কাৰণে কাম কৰাৰ কথাও তেওঁ সংবাদমেলত উল্লেখ কৰে।

Leave A Reply