Breaking

কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সাধাৰণ ৰোগীৰ হাহাকাৰ : কভিড নিগেটিভ লোককো প্ৰেচাৰ পৰীক্ষা নকৰে

0 2,178

যোৰহাট জিলাৰ বৃহত্তৰ কাকজান গ্ৰাম্য এলেকাৰ লোক সকলৰ স্বাস্থ্য ৰক্ষাৰ একমাত্ৰ ভৰসাৰ একমাত্ৰ স্থল হল কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ । বিভিন্ন সময়ত এই কেন্দ্ৰত সংঘটিত কেতবোৰ অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে । কভিড সৃষ্ট এই পৰিবেশত মুষ্টিমেয় কেইজনমান কৰ্মচাৰীৰ বাহিৰে প্ৰায় বোৰেই ৰোগী আৰু আত্মীয়ক অশালীন ব্যৱহাৰ কৰি অহাৰ অভিযোগ প্ৰায়েই পোৱা যায় । শেহতীয়াকৈ চিকিৎসালয় খনত ঠাকুৰীয়া উপাধিৰ এগৰাকী চিকিৎসকে ৰোগীক চিকিৎসাৰ কেতবোৰ নিয়ম নিজেই সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে । প্ৰাপ্ত অভিযোগ মতে কভিড পৰীক্ষাৰ অন্তত নিগেটিভ কাগজ দেখুৱাৰ পিছতো ৰোগীক প্ৰেচাৰ (BP)পৰীক্ষা নকৰে । তেওঁৰ মতে কভিডৰ বাবে ৰোগীক এই পৰীক্ষা কৰা নহয়। এতিয়া সাধাৰণ ৰাইজৰ এটাই প্রশ্ন যদি উক্ত ৰোগী জন উচ্চ ৰক্তচাপত ভুগি মৃত্যুক আঁকোৱালি লব লগীয়া হয় তাৰ বাবে দায়ী কোন হব। এটা কথা ঠিক কভিডৰ নীতি নিয়ম ৰক্ষা কৰাটো চিকিৎসক ৰোগী সাধাৰণ ৰাইজ সকলোৰে দায়িত্ব। কিন্তু এগৰাকী চিকিৎসকে সম্পূৰ্ণ নীতি নিয়ম বৰ্তাই ৰাখি ৰোগীক প্ৰাথমিক পৰীক্ষা সমূহ কিয় কৰিব নোৱাৰে । এই মহিলা চিকিৎসক গৰাকীৰ বিৰুদ্ধে পুৰ্বেও বহু অভিযোগ উত্থাপিত হৈ আহিছে ।এই ক্ষেত্ৰত মহকুমা স্বাস্থ্য বিষয়া অথবা জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষ্যনীয় বিষয় হ’ব ।

Leave A Reply