Breaking

উত্তৰ পূবৰ প্ৰথমটো জনগোষ্ঠীয় পানীয়লৈ ভৌগলিক স্বীকৃতি

0 1,621

ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় ‘জুডিমা’ই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো পৰম্পৰাগত পানীয় হিচাপে ভৌগলিক স্বীকৃতি লাভ কৰিছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে  দীৰ্ঘদিনৰ গৱেষণাৰ আৰু পৰ্যবেক্ষণৰ পাছত ২০১৯ বৰ্ষত  জনোৱা আবেদনৰ ভিত্তিত এই স্বীকৃতি লাভ কৰিছে । থলুৱা চাউলৰ সৈতে একেছীয়া পাতৰ লগতে আৰু বহু ঔষধি উদ্ভিদ তথা বন- বাতৰ সংমিশ্ৰণৰ জৰিয়তে স্বকীয় গুণসম্পন্ন এই জুডিমা নামৰ পানীয়বিধ প্ৰস্তুত কৰা হয় ।অসম কৃষি বিশ্ববিদ্যালয়ে  য়াডেম নামৰ এটা সংগঠনৰ যুটীয়া সমন্বয়ত ‘ডিমাজিক হাছাও ‘নামৰ এটা মহিলা গোটৰ জৰিয়তে আবেদন জনাই পৰম্পৰাগতভাবে ব্যৱহাৰ কৰা পানীয়বিধৰ স্বীকৃতি লাভ কৰে । ইয়াৰ ফলত এই পানীয়বিধৰ বাবে স্থায়ী ল’গ  অনুমোদিত হোৱাৰ লগতে বিপণনৰ বাবে নিদিষ্ট অনুমোদন লব লাগিব । উল্লেখ্য যে এই জুডিমা পানীয়বিধ মুলত মহিলা সকলে তৈয়াৰ কৰে ।কাৰ্বি আংলঙ আৰু ডিমা হাছাও  জিলাৰ বিশেষ অঞ্চলত এই একাছিয়া পাত বিশেষভাবে উপলব্ধ বাবে এই জিলা দুখনৰ মহিলা সকল ইয়াৰ প্ৰস্তুতিৰ লগত জড়িত ।অসম কৃষি বিশ্ববিদ্যালয়ৰ  অধ্যাপক  গৱেষক ড° কিশোৰ কুমাৰ শৰ্মা, ড° গাৰ্গী শৰ্মা আৰু ড° সুবল মাইবঙছাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° উত্তম বাথাৰিৰ নেতৃত্বত এটা দলে  এই পৰম্পৰাগত পানীয়ৰ ওপৰত পদ্ধতিগত পৰ্যবেক্ষণ আৰু গৱেষণা চলাই আবেদন কৰি সফলতা লাভ কৰে ।এই বিষয়ে জানিবলৈ দি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই কয় যে নিদিষ্ট পদ্ধতিৰ জৰিয়তে এই   পানীয় প্ৰস্তুতৰ  ফলত ব্যৱহাৰ আৰু বিপননৰ দিশত লাভজনক হোৱাৰ লগতে পিছপৰা জনগোষ্ঠীটোৰ লোকসকল উপকৃত হব । লগতে এই পানীয়বিধ প্ৰস্তুতৰ থলুৱা কৌশলবিধ সংৰক্ষিত হোৱাৰ উপৰিও ইয়াৰ বিপননৰ ক্ষেত্ৰত সফল হব পৰা যাব । সকলো সময়তে সমতা ৰক্ষা কৰি প্ৰস্তুত কৰাৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় বজাৰত বিপননৰ মাণদণ্ড ৰক্ষা কৰিব পৰা যাব

Leave A Reply