Breaking

স্থৱিৰ হৈ পৰিল জাৰ্মানীৰ বিমানসেৱা; কিন্তু কিয়?

0 64

বিমান সেৱা কৰ্মচাৰীৰ কৰ্মবিৰতিত স্থৱিৰ হৈ পৰিছে জাৰ্মানীৰ বিমানসেৱা। ইতিমধ্যে ২,৩৪০ খন বিমানৰ উৰণ বাতিল কৰা হৈছে। আনন্দোলনৰ ফলত জাৰ্মানীৰ ৰাষ্ট্ৰীয় বিমান পৰিবহন সংস্থা লুফথানছাও প্ৰভাৱান্বিত হৈছে। সংস্থাটোৰ ১৩০০ খন বিমান বাতিল কৰিব লগা হৈছে । এনেদৰে দুই সহস্ৰাধিক বিমান বাতিলৰ ফলত প্ৰায় ৩০০,০০০ যাত্ৰী প্ৰভাৱান্বিত হৈছে।


ৰাজহুৱা খণ্ডৰ শ্ৰমিক, গ্ৰাউণ্ড ক্ৰু আৰু সাতটা বিমানবন্দৰৰ কৰ্মচাৰীয়ে বিভিন্ন দাবীৰ সমৰ্থনত আহ্বান কৰা কৰ্ম বিৰতিৰ ফলত জাৰ্মানীৰ বিমান সেৱা বন্ধ হৈ পৰিছে। জাৰ্মান বিমানবন্দৰ সংস্থাই (এডিভি) ঘোষণা কৰিছে যে ২,৩৪০ খন বিমান বাতিল হোৱাৰ ফলত প্ৰায় ৩,০০,০০০ যাত্ৰী ক্ষতিগ্ৰস্ত হৈছে।

ফ্ৰেংকফুর্ট বা মিউনিখৰ পৰা কোনো বিমান আজি উৰা নাই। ট্ৰেড ইউনিয়ন ভেৰ্ডিৰ উপ-অধ্যক্ষা ক্ৰিষ্টিন বেহেলে বুধবাৰে ধৰ্মঘট ঘোষণা কৰাৰ সময়ত কৈছিল, “গ্ৰাউণ্ড হেণ্ডলিং শ্ৰমিকসকলৰ মাজত এতিয়াও শ্ৰমিকৰ অভাৱ আছে – যাত্ৰীসকলে স্পষ্টভাৱে সেই কথা অনুভৱ কৰি আহিছে। এই পৰিস্থিতি সলনি কৰিবলৈ, তেওঁলোকৰ আকৰ্ষণীয়ভাবে মজুৰি বৃদ্ধি কৰিব লাগিব।”

Leave A Reply