Breaking

বিয়া পাতক, লাভ কৰক ৩০ দিন চৰকাৰী ছুটি ! উদ্দেশ্য জনসংখ্যা বৃদ্ধি…

0 70

চীন চৰকাৰৰ নতুন নিয়ম ! চীন চৰকাৰে নৱবিবাহিত দম্পতীসকলক ৩০ দিনৰ দৰমহাযুক্ত বিবাহ ছুটী দিব বুলি কমিউনিষ্ট পাৰ্টিৰ মুখপাত্ৰ পিপলছ ডেইলী হেল্থৰ এক বিবৃতিত প্ৰকাশ কৰিছে এই কথা, বিয়া হৈয়ে দিব লাগিব সন্তান জন্ম, উদ্দেশ্য জনসংখ্যা বৃদ্ধি কৰা। চীনৰ কিছুমান প্ৰদেশে ৩০ দিনৰ বিবাহ ছুটী দিয়াৰ বিপৰীতে আন কিছুমানত প্ৰায় ১০ দিনৰ বাবে ছুটীৰ ব্যৱস্থা আছে। ৰয়টাৰৰ বাতৰি অনুসৰি গানছু আৰু ছানচি প্ৰদেশে ৩০ দিনৰ বন্ধ দিছে, আনহাতে চাংহাই ১০ আৰু ছিচুয়ানে এতিয়াও মাত্ৰ তিনিটা দিনৰ সময় দিছে।

ৰয়টাৰৰ বাতৰি অনুসৰি চাউথৱেষ্টাৰ্ণ ইউনিভাৰ্চিটি অৱ ফাইনেন্স এণ্ড ইকনমিক্সৰ ছ’চিয়েল ডেভেলপমেণ্ট ৰিচাৰ্চ ইনষ্টিটিউটৰ ডীন ইয়াং হাইয়াঙে কয় যে, “বিবাহৰ ছুটী বৃদ্ধি কৰাটো প্ৰজননৰ হাৰ বৃদ্ধিৰ অন্যতম ফলপ্ৰসূ উপায়।”ইয়াং হাইয়াঙে লগতে কয় যে বিবাহ ছুটীৰ বৃদ্ধি মূলতঃ তুলনামূলকভাৱে লেহেমীয়া অৰ্থনৈতিক উন্নয়ন থকা কিছুমান প্ৰদেশ আৰু চহৰত।


১৯৮০ চনৰ পৰা ২০১৫ চনলৈকে দেশখনে এক সন্তানৰ কঠোৰ নীতি বলবৎ কৰাৰ বাবে চীনৰ জনসংখ্যা হ্ৰাস পাইছে।২০২২ চনত চীনে প্ৰতি ১০০০ লোকৰ বিপৰীতে ৬.৭৭ জন জন্মৰ হাৰ ৰেকৰ্ড কৰিছিল যাৰ ফলত দেশখনৰ অৰ্থনীতিত আৰ্থিক প্ৰভাৱ পৰিছে বুলি বিশেষজ্ঞসকলৰ মতে। দেশখনে অভূতপূৰ্ব আৰু দ্ৰুত জনসংখ্যাৰ বয়স বৃদ্ধিৰ জটিল প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে।

Leave A Reply