Breaking

আকৌ এখন ‘টোল গেট’ত ধন দিবলৈ সাজু হওঁক ….

0 31,145

ৰাজ্যবাসীক পুনৰ মাধমাৰ সোধাব চৰকাৰে ।আকৌ এখন ‘টোল গেট’ত ধন দিবলৈ সাজু হওঁক ।

অসমৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ সংযোগী দ্বিতীয়খন কলিয়াভোমোৰা দলং নিৰ্মাণ সম্পূৰ্ণ হ’লেই আৰম্ভ হ’ব টোল টেক্স সংগ্ৰহ। কলিয়াবৰ মহকুমাৰ চুলুংঙত নিৰ্মীয়মান অৱস্থাত আছে আৰু এখন টোলগেট। নিৰ্মাণ হৈ থকা চাৰিলেনযুক্ত কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰ সংযোগী পথৰ চুলুঙৰ এই টোলগেট পুনৰ ৰাজ‍্যবাসীৰ বাবে মূৰৰ কামোৰণী হৈ উঠিব যে খাটাং।


গতিকে, নগাওঁ জিলাৰ কলিয়াবৰ হৈ তেজপুৰ বা উত্তৰ পাৰলৈ যাব খোজা প্ৰতিখন বাহন সাজু হওঁক অধিক ধন ভৰিবলৈ। সম্ভৱত, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণৰত অৱস্থাত থকা দ্বিতীয়খন কলিয়াভোমোৰা দলং সম্পূৰ্ণ হোৱাৰ পাছত এই টোলগেটত টোল টেক্স দিহে উত্তৰ পাৰলৈ যাব পাৰিব।

অনুৰূপ দক্ষিণ পাৰত উপস্থিত হৈ চুলুঙত টোল টেক্স দিহে আন স্থানলৈ যাব পাৰিব। অহা ডিচেম্বৰ মাহৰ ভিতৰত দলংখন সম্পূৎ্ণ হ’ব বুলি এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ‍্য যে, ১৯৮৭ চনত যাত্ৰীৰ বাবে মুকলি কৰি দিয়া কলিয়াভোমোৰা দলঙৰ বাবে চুলুঙৰ একে স্থানতে পুনৰ টোলগেট নিৰ্মাণে অনাগত দিনত সাধাৰণ ৰাইজৰ কৰৰ বোজা বঢ়াৰ ইঙ্গিত দিছে।

Leave A Reply