Breaking

ধনী হৈ গৈছে অধিক ধনী! দেশৰ ১ শতাংশ ধন কুবেৰেই এতিয়া ৪০ শতাংশতকৈও অধিক সম্পদৰ গৰাকী

0 22

ধনী হৈ গৈছে অধিক ধনী! দেশৰ ১ শতাংশ ধন কুবেৰেই এতিয়া ৪০ শতাংশতকৈও অধিক সম্পদৰ গৰাকী
ভাৰতত এতিয়া ধনী হৈ গৈছে অধিক ধনী আৰু দুখীয়া হৈছে অধিক দুখীয়া। আপাততঃ তেনে এখন ছবিয়েই শেহতীয়া এক প্ৰতিবেদনত পোহৰলৈ আহিছে। প্ৰতিবেদনৰ মতে কথাটো হ’ল দেশৰ মাত্ৰ ১ শতাংশ অতি ধনী লোকৰ হাততেই আছে ৪০.১ শতাংশ সম্পদ। ১৯৯২ চনৰ পিছত দেশত বিদেশী বিনিয়োগৰ বাট মুকলি হোৱাৰ পাছৰে পৰা বিলিয়নেয়াৰৰ সংখ্যা বৃদ্ধি পাই গৈ আছে । প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত দ্ৰুত অৰ্থনৈতিক বিকাশৰ মাজতে ধনী-দৰিদ্ৰৰ ব্যৱধানো বৃদ্ধি পাইছে। ভাৰতৰ জনসংখ্যাৰ আটাইতকৈ ধনী ১ শতাংশ লোকৰ মাজত কেন্দ্ৰীভূত সম্পদ ছয় দশকত সৰ্বাধিক হৈ পৰিছে । ৱৰ্ল্ড ইনইকুৱেলিটি লেব নামৰ প্ৰতিষ্ঠানটোৱে চলোৱা শেহতীয়া অধ্যয়নত এই কথা পোহৰলৈ আহিছে। প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ১৯৪৭ চনত ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰা ভাৰতে ১৯৯২ চনত বিদেশী বিনিয়োগৰ বাবে ইয়াৰ বজাৰ মুকলি কৰি দিছিল। ইয়াৰ ফলত ভাৰতত বিলিয়নেয়াৰৰ সংখ্যা বৃদ্ধি পাইছে।২০২৩ চনৰ শেষলৈ ভাৰতৰ আটাইতকৈ ধনী নাগৰিকসকল দেশৰ ৪০.১% সম্পদৰ মালিক হৈছে। ১৯৬১ চনৰ পিছত তেওঁলোকৰ মুঠ উপাৰ্জনৰ অংশ আছিল ২২.৬%। ২০১৪ চনত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উন্নয়ন আৰু অৰ্থনৈতিক সংস্কাৰৰ বাবেই নিৰ্বাচিত হৈছিল।

তেওঁৰ সমালোচকসকলে কয় যে তেওঁৰ কাৰ্যকালৰ অন্তিম দুটা কাৰ্যকাল ধনী আৰু দৰিদ্ৰৰ মাজত বৰ্ধিত ব্যৱধানৰ বছৰ। কিয়নো ভাৰতৰ অৰ্থনীতি ৮.৪ % হাৰত বৃদ্ধি পাইছে। ফৰ্বছ বিলিয়নেয়াৰ ৰেংকিঙৰ তথ্যই দেখুৱাইছে যে মুঠ সম্পদ ১ বিলিয়ন ডলাৰ অতিক্ৰম কৰা ভাৰতীয়ৰ সংখ্যা ১৯৯১ চনৰ এজনৰ পৰা ২০২২ চনত ১৬২ লৈ বৃদ্ধি হৈছে। এছিয়াৰ দুই ধনী ব্যক্তি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুকেশ আম্বানী আৰু আদানি গ্ৰুপৰ গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ লক্ষ্যণীয় ঙাৰত বৃদ্ধি পাইছে। ৯২ নিযুত ভাৰতীয় প্ৰাপ্তবয়স্কৰ গড় সম্পদ ২২.৬ বিলিয়ন টকা (২৭১.৯১ নিযুত ডলাৰ)। আনহাতে দেশৰ অতি ধনী ১ শতাংশ লোকৰ গড় সম্পদ হৈছে ৫৪ নিযুত টকা।

Leave A Reply