Breaking

ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সম্বৰ্ধনা

0 1,086

নলবাৰী জিলাৰ বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলত শান্তি-শৃংখলা অটুট ৰাখি জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিবলৈ অসম আৰক্ষী প্ৰশাসনে সদ‍্য নিয়ুক্তি প্ৰদান কৰা  ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী চন্দন ডেকাক কালি অসম জাতীয়বাদী যূৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক  সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

উল্লেখ‍্য যে এজন দক্ষ আৰক্ষী বিষয়া হিচাপে ভাস্কৰ মল্ল পাটোৱাৰীৰ ইন্সপেক্টৰ পদলৈ পদোন্নতি সহকাৰে ৰঙিয়া সদৰ থানালৈ বদলি হোৱাৰ পিছত ঘগ্ৰাপাৰ থানালৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে চন্দন ডেকাই যোগদান কৰাৰ পিছতে বৃহত্তৰ অঞ্চলটো বিভিন্ন দল-সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানে  বিগত দিনত আৰক্ষী বিষয়াগৰাকীক অভিনন্দন আৰু সম্বৰ্ধনা জনাই অহাৰ সময়তে  কালি  অসম জাতীয়তাবাদী যূৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা ইন্টাজ আলী,চৰিফুল আলী,সভাপতি আনোৱাৰ হুছেইন,সাধাৰণ সম্পাদক নৱজ‍্যোতি কলিতাসহ এটি সজাঁটি দলে ঘগ্ৰাপাৰ থানাত উপস্থিত হৈ আৰক্ষী বিষয়া ডেকাক গামোচা আৰু ফুলাম জাঁপি আদিৰে সম্বৰ্ধনা জনায়।

Leave A Reply