Breaking

ধুবুৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গিয়াছউদ্দিন আহমেদক তেঁওৰ সমাজ জীৱনলৈ আগবঢ়োৱা জীৱনযোৰা অৰিহনাক শ্ৰদ্ধাৰে সোঁৱৰি ‘অনুপ্ৰেৰণা জীৱনযোৰা সাধনা বঁটা ২০২৪’ প্ৰদান…

0 15

উত্তৰ পৃৰ্বাঞ্চলৰ অন্যতম সামাজিক অনুষ্ঠান অনুপ্ৰেৰণাৰ উদ্যোগত ধুবুৰী সাহিত্য সভা ভৱন প্ৰাঙ্গণত অনুপ্ৰেৰণা ধুবুৰী শাখা আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ধুবুৰী শাখাৰ সহযোগত বিশিষ্ঠ জ্যেষ্ঠ অধিবক্তা তথা এসময়ৰ জনপ্ৰিয় ক্ৰীড়াবিদ তথা ধুবুৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গিয়াছউদ্দিন আহমেদক তেঁওৰ সমাজ জীৱনলৈ আগবঢ়োৱা জীৱনযোৰা অৰিহনাক শ্ৰদ্ধাৰে সোঁৱৰি’ অনুপ্ৰেৰণা জীৱনযোৰা সাধনা বঁটা ২০২৪’ প্ৰদান কৰা হয়। মঙলবাৰে সন্ধিয়া ৬ বজাত ধুবুৰী সাহিত্য সভা ভৱন প্ৰাঙ্গণত অনুষ্ঠিত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত সভাপতিত্ব কৰে ধুবুৰী সাহিত্য সভাৰ সভাপতি উদয়ন চক্ৰৱৰ্তীয়ে। বঁটাত প্ৰদান কৰা হয় এটা ফুলাম জাপী, এখন চেলেং এখন মুগা গামোচা, শ’ৰাই লগতে এখন আটকধুনীয়া মানপত্ৰ। বঁটা প্ৰদান কৰে জিলা সাহিত্য সভাৰ সভাপতি উদয়ন চক্ৰৱৰ্তীয়ে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অপুপ্ৰেৰণা’ ৰ প্ৰতিষ্ঠাপক তথা দেওবৰীয়া বাৰ্তা ৰ মুখ্য সম্পাদক দীপজ্যোতি শইকীয়াই বিগত বছৰবোৰত অনুপ্ৰেৰণাই কৰি অহা কিছু কামৰ খতিয়ান দাঙি ধৰে।

অনুপ্ৰেৰনা ধুবুৰী শাখাৰ সভানেত্ৰী চুলতানা চেলিমা আহমেদে আঁতধৰা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন লগতে গুৰুবন্দনাৰে সভাৰ সৌষ্ঠৱ বঢ়ায় বিশিষ্ঠ গায়িকা মিতালী চক্ৰৱৰ্তী আৰু তেঁওৰ সংগীবৃন্দই। অনুষ্ঠানত ধুবুৰী সাহিত্য সভাৰ সম্পাদক জাকিৰ হুছেইন, গদাধৰ কবি চক্ৰৰ সভাপতি সৰ্বেশ্বৰ কলিতা, ধুবুৰী মহিলা সমিতিৰ সভানেত্ৰী হিমাদ্ৰী বৰুৱা, বিশিষ্ঠ সমাজ সেৱিকা ইৰামনী বৰা, ড° লাবন্য ভকত, আহিদ খান, মানস চক্ৰৱৰ্তী, ধুবুৰী সাহিত সভাৰ প্ৰাক্তন সভাপতি লুৎফুৰ ৰহমানকে ধৰি সাংবাদিক যথাক্ৰমে আছিকুৰ ৰহমান, প্ৰনৱশীষ ৰয় , তাপস চৰকাৰ , ছেলিম শ্বেখ,আদি বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মিতালী চক্ৰৱৰ্তী, অৰ্পনা ঘোষ, তিলোত্তমা ৰাভাৰ গীত পৰিবেশনে সভাৰ সৌষ্ঠৱ বঢ়ায়। অনুপ্ৰেৰণা জীৱনযোৰা সাধনা বঁটা ২০২৪’ বঁটা বিজয়ী গিয়াছউদ্দিন আহমেদৰ পৰিয়াল বৰ্গহৈ তেঁওৰ কন্যা ডা: মুছকুৰা আহমেদে দেউতাকৰ বহু অপ্ৰকিশিত কাহিনীৰে নিজৰ মনৰ কথা ব্যক্ত কৰে।

Leave A Reply