Breaking

“এগৰাকী কন্যাৰ দেউতাকলৈ উপহাৰ”। দেউতাকলৈ নতুন ব্ৰেণ্ডৰ গাড়ী উপহাৰ ‘কাচ্ছা বাদাম’ খ্যাত অঞ্জলি অৰোৰাৰ…

0 108

‘কাচ্ছা বাদাম’ খ্যাত অঞ্জলি অৰোৰাই এখন নতুন ব্ৰেণ্ডৰ গাড়ী উপহাৰ দিলে দেউতাকক। দেউতাকলৈ লিখিলে বিশেষ বাৰ্তা। ছ’চিয়েল মিডিয়াত জনপ্ৰিয় অঞ্জিল অৰোৰা আজি এক পৰিচিত মুখ। ‘লক আপ’ৰ পৰা অঞ্জলিয়ে বহু নাম-খ্যাতি লাভ কৰিছিল। এইবাৰ দেউতাকলৈ বিশেষ উপহাৰ দিয়াৰ পিছত লাইমলাইটলৈ আহে অঞ্জলি অৰোৰা। ইয়াৰ পিছত অঞ্জলিয়ে এ এল টি বালাজীৰ ৰিয়েলিটি শ্ব’ ‘লক আপ’ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰে। অঞ্জলিৰ ছ’চিয়েল মিডিয়াত বিপুল ফেন ফ’ল’ৱাৰ। অনুৰাগীয়ে তেওঁৰ প্ৰতিটো পোষ্ট আৰু ৰিল বহুত ভাল পায়।

অলপতে অঞ্জলিয়ে কৰ্মসূত্ৰে শ্ৰীলংকালৈ গৈছিল আৰু ৭ আগষ্টত ঘৰলৈ উভতি অহাৰ পিছত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীসকলক আচৰিত কৰি তুলিছিল। আচলতে অঞ্জলি দেউতাকৰ বহুত ঘনিষ্ঠ আৰু তাই দেউতাকক এখন নতুন জিলিকি থকা গাড়ী এখন উপহাৰ দিছে। অঞ্জতীয়েও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে নিজৰ ভিডিঅ’।

ভিডিঅ’টোত অঞ্জলিয়ে লিখিছে, “এগৰাকী কন্যাৰ দেউতাকলৈ উপহাৰ।” আনহাতে, পিতৃৰ প্ৰতি অঞ্জলিৰ এই মৰম দেখি অনুৰাগীয়ে তীব্ৰ প্ৰশংসা কৰিছে।

Leave A Reply