Breaking

পোহনীয়া কুকুৰৰ মৃত্যুৰ শোক সহিব নোৱাৰি আচৰিত ঘটনা কৰিলে নাবালিকাই…

0 25

হাৰিয়ানাত পোহনীয়া কুকুৰৰ মৃত্যুৰ শোক সহিব নোৱাৰি আত্মহত্যা কৰিলে নাবালিকাই। পোহনীয়া জীৱ-জন্তু পৰিয়াল এটাৰ প্ৰিয়জনতকৈ কম নহয়। সেয়ে পোহনীয়া জন্তুৰ মৃত্যু অত্যন্ত দুখজনক। কিন্তু সেই বুলি পোহনীয়া জন্তুৰ মৃত্যু সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰাৰ ঘটনা সাধাৰণতে নঘটে। হাৰিয়ানাত পিছে তেনে এক ঘটনাই ঘটিছে। এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে তেওঁৰ মৰমৰ কুকুৰটোৰ মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰি এক ভয়ংকৰ সিদ্ধান্ত ল’লে। আৰক্ষীয়ে জনোৱা অনুসৰি, ঘৰৰ পোহনীয়া কুকুৰটোৰ কেইদিনমান আগতে মৃত্যু হৈছিল। ১২ বছৰীয়া কিশোৰীগৰাকীয়ে ঘটনাটোত অত্যন্ত শোক পাইছিল। দুখ সহিব নোৱাৰি তেওঁ চিপলৈ আত্মহত্যা কৰে। ছোৱালীজনীৰ পৰিয়ালৰ মতে, কুকুৰৰ মৃত্যুত ছোৱালীজনী দুখত ভাগি পৰিছিল। কিন্তু ছোৱালীজনীয়ে যে এনে সিদ্ধান্ত ল’ব পাৰে সেয়া কোনেও ভবা নাছিল।

পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে ছোৱালীজনীয়ে তিনি মাহ পূৰ্বে এটা কুকুৰৰ পোৱালি ঘৰলৈ আনিছিল। কিন্তু পাঁচ দিন আগতে কুকুৰটোৰ মৃত্যু ঘটিল।কুকুৰটোৰ মৃত্যুৰ পিছত ছোৱালীজীয়ে আনকি খোৱা-বোৱা বন্ধ কৰি দিছিল। পৰিয়ালৰ লোকে বহু বুজায়ো ছোৱালীজনীক সৈমান কৰাব পৰা নাছিল। পৰিয়ালৰ মতে, ছোৱালীজনীৰ মাক আৰু ভনীয়েকে অত্যাৱশ্যকীয় সামগ্ৰী কিনিবলৈ বজাৰলৈ গৈছিল। নাবালিকা ছোৱালীজনীয়ে তেতিয়াই আত্মহত্যা কৰে। ছোৱালীজনীৰ মাকে কয়, “মোৰ ছোৱালীজনীয়ে কুকুৰটোক বহুত ভালপাইছিল। যেতিয়া মই পাচলি কিনিবলৈ বজাৰলৈ গৈছিলো, মোৰ চুবুৰীয়াই মোক ফোন কৰিছিল আৰু মোক সোনকালে ঘৰলৈ আহিবলৈ কৈছিল। যেতিয়া মই ঘৰলৈ উভতি আহিছিলো, মোৰ ছোৱালীয়ে আত্মহত্যা কৰা দেখিছিলো।’’ ইফালে, আৰক্ষীয়ে কেৱল পোহনীয়া জন্তুৰ মৃত্যুৰ বাবে নে ঘটনাটোৰ আঁৰত আন কোনো ৰহস্য আছে সেই বিষয়ত অনুসন্ধান কৰি আছে।

Leave A Reply