Breaking

মদ-মাংস পৰিত্যাগ ! ‘ৰামায়ণ’ ছবিৰ ‘ ৰাম’ৰ চৰিত্ৰত অভিনয়ৰ বাবে সাজু হৈছে ৰণবীৰ কাপুৰ…

0 4,472

মদ-মাংস পৰিত্যাগ ! ‘ৰামায়ণ’ ছবিৰ ‘ৰাম’ৰ চৰিত্ৰত অভিনয়ৰ বাবে সাজু হৈছে ৰণবীৰ কাপুৰ

নিজৰ প্ৰিয় মদ-মাংস পৰিত্যাগ কৰিলে অভিনেতা ৰণবীৰ কাপুৰে। ‘এনিমেল’ ছবিত কৰা অপূৰ্ব অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা অৰ্জন কৰা ৰণবীৰ কাপুৰ এইবাৰ সাজু হৈছে তেওঁৰ নতুন ছবি ‘ৰামায়ণ’ ৰ শ্বুটিঙৰ বাবে। কাপুৰে ‘ৰামায়ণ’ ছবিখনৰ বাবে কঠোৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ছবি খনত ৰামৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰে।সেয়ে আহাৰ-বিহাৰৰ ক্ষেত্ৰত সংযম ৰক্ষা কৰিছে ৰণবীৰে। মাংস ৰণবীৰৰ প্ৰিয় খাদ্য।

কিন্তু ৰামৰ চৰিত্ৰত অভিনয় কৰিব বাবেই তেওঁ খাদ্যৰ তালিকাৰ পৰা মাংস একেবাৰে বাদ দিছে। একেদৰে মদো তেওঁ আৰু কিছুদিনলৈ পান নকৰে।ৰামৰ চৰিত্ৰটোৰ বাবেই তেওঁ সুৰাপানো ত্যাগ কৰিছে বুলি ৰণবীৰৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে।

ৰণবীৰে ছবি খনৰ বাবে লণ্ডন আৰু মুম্বাইত শ্বুটিঙৰ ১২০ দিনৰ দীঘলীয়া কাৰ্সূচী গ্ৰহণ কৰিছে। ৰণবীৰে এই বছৰৰ মাৰ্চৰ পৰা ‘ৰামায়ণ’ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব। পৰিচালক নীতিশ তিৱাৰীয়ে ছবি খনৰ সৰ্বাংগ সুন্দৰ আৰু নিখুঁত কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

তেওঁ যোৱা বছৰৰ অদিপুৰুষ ছবিৰ বাবেহোৱা বিতৰ্কৰ পৰা বহু কথাই শিকিছে। নীতিশৰ ছবি ‘ৰামায়ণ’ৰ বেছিভাগ দৃশ্যগ্ৰহণ মুম্বাইত কৰা হ’ব। দুমাহ মুম্বাইত শ্বুটিং কৰাৰ পিছত দলটোৱে লণ্ডনলৈ উৰা মাৰিব। দক্ষিণৰ তাৰকা যশেও ৰণবীৰৰ সৈতে লণ্ডনলৈ যাব। দুয়োজন অভিনেতাই লণ্ডনত কিছুমান গুৰুত্বপূৰ্ণ দৃশ্যৰ দৃশ্যগ্ৰহণ কৰিব।
ৰণবীৰে স্বেচ্ছাই এই ছবিখনত ৰামৰ চৰিত্ৰত অভিনয় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ ৰামৰ অৱতাৰত অভিনয় কৰাৰ বাবে বিশেষ ধ্যানো কৰি আছে। বাতৰি অনুসৰি ছবি খনত বিজয় সেতুপতিক বিভীষণ, ছানী দেওলক হনুমান, ববি দেওলক কুম্ভকৰ্ণ, চাই পল্লৱীক সীতাৰ চৰিত্ৰত দেখা যাব।

Leave A Reply