Breaking

জি এল টি এৰ বাৰ্ষিক সভা সম্পন্ন, কল্যাণ কুমাৰ দাস সভাপতি নিৰ্বাচিত…

0 71

গুৱাহাটী লন টেনিছ সন্হাৰ বাৰ্ষিক সাধাৰণ সভাখন যোৱা ১৪ নৱেম্বৰত সভাপতি কল্যাণ কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত হয়৷ সভাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন টেনিছ খেলুৱৈ তথা প্ৰাইড-ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাক মুখ্য পৃষ্ঠপোষক, প্ৰণয় বৰদলৈ ,অনিৰ্বাণ দাস আৰু কিশোৰ জয়ন্ত মাধৱক সন্হাৰ পৃষ্ঠপোষক হিচাপে মনোনীত কৰা হয়৷ এই সভাতেই ২০২২-২৪ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন টেনিছ খেলুৱৈ, ক্ৰীড়া সংগঠক আৰু ক্ৰীড়া পেঞ্চনাৰ কল্যাণ কুমাৰ দাসক সৰ্বসন্মতি ক্ৰমে সন্হাৰ সভাপতিৰূপে বাছনি কৰা হয়৷

আনহাতে ভাস্কৰ শৰ্মা আৰু দেবাংশু বৰাক ক্ৰমে সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়৷ সভাত সাধাৰণ সম্পাদকে ২০২১-২২ চনৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰাৰ লগতে কোষাধ্যক্ষই বাৰ্ষিক হিচাপ দাখিল কৰে৷ বাৰ্ষিক সভাখনত সন্হাৰ উন্নয়নৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰাৰ লগতে “সকলোৰে বাবে টেনিছ” শীৰ্ষক সন্হাৰ শ্লগানৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে৷ এই সভাতেই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি গুৱাহাটী লন টেনিছ সন্হাৰ নাম সলনি কৰি গুৱাহাটী টেনিছ সন্হা কৰা হয়৷

ইয়াৰ লগতে নেহৰু ষ্টেডিয়ামৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া চৌহদত চলি থকা টেনিছ একাডেমীখনৰ নামো জিটিএ টেনিছ একাডেমী কৰা হয়৷ উত্তৰ পূৰ্বাঞ্চলৰ টেনিছ ক্ষেত্ৰখনৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ অনুসৰি সন্হাৰ এটি অত্যাধুনিক নিজাববীয়া টেনিছ চেন্টাৰৰ নিৰ্মাণ সম্পৰ্কে আলোচনা কৰা হয়৷ উল্লেখ্য যে এই সম্পৰ্কে ইতিমধ্য সন্হাই মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰে৷ মুখ্যমন্ত্ৰী গৰাকীয়ে এই বিষয়ত সন্হাটোক যথাসম্ভৱ সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে৷ এই সভাতে ড: মাধুৰ্য্য হাজৰিকাক কাৰ্যকৰী সভাপতি, ৰাজা কাকতি, হৃষিকেষ বিজয় দাস, ভাস্কৰ বৰ্মন আৰু দিলীপ পাঠকক উপ-সভাপতি, ধীৰাজ দত্ত আৰু অজয় দাসক যুটীয়া সম্পাদকৰ লগতে ড° বিকাশ বাউৰি

Leave A Reply