Breaking

“গ’ ফৰ গ্ল’ৰী, লাভলীনা”: নাজিৰাৰ ৰাজপথত মটৰ চাইকেল ৰেলী

0 1,056

অসমৰ প্ৰথম গৰাকী মহিলা এথলেট হিচাপে জাপানৰ টকিঅ’ত অনুষ্ঠিত হোৱা অলিম্পিকত অংশ গ্ৰহণৰ বাবে  ইতিমধ্যে জাপানত উপস্থিত হোৱা লাভলীনা বৰগোহাঁইলৈ শুভেচ্ছা জনাই নাজিৰাৰ ৰাজপথত মটৰ চাইকেল ৰেলী । ডেৰ শৰো অধিক মটৰ চাইকেলেৰে যুৱক, মহিলা তথা ক্ৰীড়ামোদী সকলে ক’ভিড আচৰণ বিধি মানি চলি অসম চৰকাৰে উদ্দীপনা যোগোৱা “গ’ ফৰ গ্ল’ ৰী, লাভলীনা”ৰ পাছতেই লাভলীনাক লৈ সৃষ্টি হোৱা নতুন শ্ল’গান আৰু সুৰীয়া ধ্বনিময় বাক্যৰে ৰাজপথ মুখৰ হৈ উঠে ।  কঠোৰ অনুশীলনৰ বাবেই সীমিত সুবিধাৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ জগতখনত স্ব-প্ৰতিভাৰে জিলিকি উঠা লাভলীনাই ভাৰত তথা অসম ৰাজ্যলৈ গৌৰৱ কঢিয়াই আনিব বুলি আশা প্ৰকাশ কৰে ৰেলীৰ ফ্লেগ-অফ কৰা অৱসৰ প্ৰাপ্ত শিক্ষক তথা সমাজসেৱী প্ৰবীন কুমাৰ বৰগোহাঁইয়ে।অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ পাছতে ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে লাভলীনাক সদিচ্ছা আৰু উৎসাহ জনাই পেইণ্টিং, গীত, শ্ল’গান, ৰেলী, প্ৰাৰ্থনাৰ ঐক্যতান আদি প্ৰসাৰ হৈ উঠাৰ মাজতে সদৌ বৰগোহাঁই বংশাৱলীৰ কেন্দ্ৰীয় সমিতি আৰু শতবৰ্ষীয় বৰগোহাঞি বংশাৱলী আদৰণী সমিতি আৰু নাজিৰাৰ ৰাইজৰ সমৰ্থনত বাহিৰ হোৱা এই সমদলে মেছাগড়ৰ পৰা আৰম্ভ কৰি মঠিয়াছিগা, নাওশলীয়া, নমাটি, নাজিৰা নগৰ, কপহুৱা, ৰেৱতী, মাদুৰি আদি এলেকা ভ্ৰমণ কৰি যায় । সাধৰণ সম্পাদক দিগন্ত বৰগোহাঁই, কাৰ্য্যকৰী সভাপতি বিনোদ বৰগোহাঁই, ইন্দ্ৰজিৎ বৰগোহাঁই, হিমাংশু প্ৰসাদ বৰগোহাঁই, ৰঞ্জন বৰগোহাঁই বিষয় – ববীয়া সকলৰ লগতে কিৰণ কোঁৱৰ, ধৰ্ম কোঁৱৰ আদি ব্যক্তি সকলে ৰেলীত অংশ গ্ৰহণ কৰে । উল্লেখযোগ্য যে প্ৰথম ৰাউণ্ডৰ খেলত  “বাই” পাই লাভলীনাই মঙ্গলবাৰে জাৰ্মানীৰ নেদাইন এপেজৰ বিৰুদ্ধে প্ৰথমখন প্ৰিকুৱাৰ্টাৰ ফাইনেল খেলিব ।

Leave A Reply