Breaking

গুৱাহাটীত অখিল ভাৰত হিন্দু যুৱ মৰ্চাৰ গো-মাতা পুজন

0 1,023

অনলাইন বাৰ্তা , ২২ নৱেম্বৰ : গোপাস্ৰমী উপলক্ষে আজি মহানগৰীৰ ফটাশিল’ এন এছ ৰোড স্হিত গোশালাত অখিল ভাৰত হিন্দু যুৱ মৰ্চাই গো-মাতা পূজন অনুষ্ঠিত কৰে ৷ ৰাষ্ট্ৰীয় অধ্যক্ষ শিৱম মিশ্ৰৰ পৰামৰ্শ মৰ্মে ৰাজ্যিক সমিতিৰ তৰফৰ গো-মাত পূজন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ নিমন্ত্ৰিত অতিথি হিচাপে ৰাজ্য চৰকাৰৰ বিত্ত নিগমৰ অধ্যক্ষ বিজয় গুপ্তা উপস্থিত থাকি গো সুৰক্ষা ওপৰত মাক দৰ্শন কৰে ৷ তেওঁ লগতে কয় ৰাজ্যত অতি শীঘ্ৰেই গো মাংস বন্ধ হ’ব লাগে ৷ অধ্যক্ষ গৰাকীয়ে গৰুৰ  উপকাৰীতা সন্দৰ্ভত  বক্তব্য আগবঢ়াই ৷ উল্লেখ্য যে অখিল ভাৰত হিন্দু যুব মৰ্চাৰ ৰাজ্যিক সদস্য ক্ৰমে অৰুন গুপ্তা, বিদ্যানন্দ উপাধ্যায় , প্ৰবীৰ পাল, শত্ৰঘন চৌহান অৰুন আচাৰ্য অনুষ্ঠানত উপস্থিত থাকি সহযোগিতা আগবঢ়াই ৷

Leave A Reply