Breaking

ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং-পোলিং বিষয়া

0 1,023

কাইলৈ ৰাজ্যৰ বিভিন্ন জিলাৰ পৌৰসভাৰ লগতে বঙাইগাঁও পৌৰসভাৰো ২৪ টা ৱাৰ্ডত অনুষ্ঠিত হ’ব পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ইয়াৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আজি বঙাইগাঁও গান্ধী ময়দানত ব্যৱস্থা কৰা পৌৰসভা নিৰ্বাচনৰ সা-সামগ্ৰী বিতৰণ কেন্দ্ৰৰ পৰা প্ৰিজাইডিং-পোলিং বিষয়াসকলৰ লগতে নিৰাপত্তাৰক্ষীৰ দলে প্ৰয়োজনীয় সা-সামগ্ৰী লৈ ৪৩ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে। এই নিৰ্বাচনৰ বাবে ৫৪ গৰাকী প্ৰিজাইডিং বিষয়া, ৫৫ গৰাকীকৈ প্ৰথম পোলিং, দ্বিতীয় পোলিং আৰু তৃতীয় পোলিং বিষয়াৰ লগতে মুঠ ১০০ গৰাকী নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে।

সেইদৰে জ’নেল বিষয়া ২জন আৰু চেক্টৰ বিষয়া ৫ জন নিযুক্ত কৰা হৈছে ৷ বঙাইগাঁও পৌৰসভা নিৰ্বাচনত নিযুক্ত লোকসকলৰ বাবে মুঠ ৫০ খন টাটা মেজিক, মাৰুতি ভেন বাহন অধিগ্ৰহণ কৰা হৈছে। উল্লেখ্য যে বঙাইগাঁও পৌৰসভাৰ ২৫ টা ৱাৰ্ডৰ ভিতৰত ২৩ নং ৱাৰ্ডৰ প্ৰাৰ্থীজন বিনা প্ৰতিদ্বন্দ্বীতাৰে জয়ী হোৱাৰ পৰিপ্ৰেক্ষিতত ২৪ টা ৱাৰ্ডত মুঠ ৩৯,৪৪৩ গৰাকী ভোটাৰে ৭২ গৰাকী প্ৰাৰ্থৰ ভাগ্য নিৰ্ণয় কৰিব ৷

Leave A Reply