Breaking

গোৱালপাৰা চহৰ দিনৰ ১২ বজাতেই জনশূন্য ।প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান গোৱালপাৰা আৰক্ষীৰ

0 2,057

 ক’ৰনা মহামাৰীয়ে ৰাজ্যত উদ্দেগ জনক ভাৱে এক জটিল ৰূপ ধাৰণ কৰালৈ চাই ৰাজ্য চৰকাৰে জনসাধাৰণক সজাগ আৰু সচেতন হ’বলৈ জাৰি কৰিছে কোভিড প্ৰ’টকলৰ নতুন নীতি নিৰ্দেশনা। চৰকাৰৰ কোভিড প্ৰ’টকলৰ নতুন নীতি নিৰ্দেশনা অৰ্থাৎ নতুন এছ অ পিয়ে জলা কলা খুৱাইছে সৰ্ব সাধাৰণ জনতাক। চৰকাৰৰ নতুন এছ অ পি মৰ্মে গোৱালপাৰা চহৰ  দিনৰ ঠিক ১১ বজাৰ পৰা দোকান – পোহাৰ ; বজাৰ – ঘাট বন্ধ। লগতে দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন বলবৎ কৰা হৈছে। চৰকাৰৰ এই নীতি নিৰ্দেশনাই গোৱালপাৰা জিলাত ত্ৰাহিমধুসুধন সোৱৰাইছে বজাৰ ঘাটত খুচুৰা বিক্ৰেতা ; ঠেলা – ৰিক্সা ; অটো ; ই – ৰিক্সা ; মেজিক গাড়ী চালক ; ফুট পথত শাক পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰাৰ উপৰিও দিন হাজিৰা কৰা বনুৱা কামালা সকলক। কাৰণ বৃহত্তৰ গোৱালপাৰা অঞ্চলটোত এনে বহু সহশ্ৰাধিক পৰিয়াল আছে যি বোৰ পৰিয়ালৰ আৰ্থিক অৱস্থা স্বচ্ছল নহয়। নিৱনুৱা সমস্যাৰে জৰ্জৰিত গোৱালপাৰা জিলাৰ বহু সংখ্যক পৰিয়ালৰ আৰ্থিক দুৰৱস্থা শোচনীয়। তৎস্বতেও গোৱালপাৰা জিলাত  ৰাজ্য চৰকাৰে জাৰি কৰা কোভিড প্ৰ’টকল মানি চলিবলৈ চেষ্টা অব্যাহত ৰাখিছে জিলাখনৰ জনসাধাৰণে। এই ক্ষেত্ৰত গোৱালপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত উপ আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰীৰ তৎপৰতাক শলাগ লৱলগীয়া। উল্লেখ্য যে ; চৰকাৰে জাৰি কৰা নতুন এছ অ পি খনৰ নিৰ্দেশনা মানি চলিবলৈ আৰু প্ৰশাসনক সহযোগ কৰিবলৈ গোৱালপাৰা বাসীক আহ্বান জনাইছে উপ আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰীয়ে । বিষয়া গৰাকীৰ আহ্বান মানি দিনৰ ১১ বজাতেই জনশূন্য হৈ পৰে গোৱালপাৰা চহৰৰ বজাৰ ঘাট। নিমাওমাও পৰিবেশ বিৰাজ কৰে বৃহত্তৰ অঞ্চলটোত। আনহাতে চহৰ খনৰ বাট পথৰেও যান বাহন চলাচল বন্ধ হৈ পৰে। মুঠৰ ওপৰত বৃহত্তৰ গোৱালপাৰা বাসীয়ে ৰাজ্য চৰকাৰৰ কোভিড প্ৰ’টকল মানি চলিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইফালে ক’ৰোণা মহামাৰীৰ আতংকৰ পৰা নিজৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখিবলৈ যদিও বাধ্য হৈছে জনসাধাৰণ কিন্তু চৰকাৰৰ ওচৰত আপত্তি দৰ্শাইছে গোৱালপাৰাৰ সচেতন ৰাইজে। ৰাইজৰ মতে দৰিদ্ৰ জনসাধাৰণে চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলিবলৈ বাধ্য কিন্তু পৰিয়ালত অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই ছাই চ’ৰা দামে জীয়াতু ভোগাইছে — এই ক্ষেত্ৰত চৰকাৰেও জনমুখী ব্যৱস্থাৰে সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ’লে অতি কম সময়ৰ ভিতৰতে জনসাধাৰণ ভয়ংকৰ বিপদত পৰিব কাৰণ আয় হলেহে ব্যয় কৰিব পাৰিব। যদি আয়ৰ বাবে সময় নাপায় ব্যয় কৰিব কিহৰ পৰা ? ইফালে পৰিয়াল পোহ পাল দিবলৈ ব্যয় নিয়মীয়াকৈ কৰিবই লাগিব। এনে সমস্যা সমুহ সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনায় গোৱালপাৰাৰ সচেতন জনতাই। 

Leave A Reply