Breaking

গোৱাত ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ প্ৰতিমূৰ্তি

0 2,020

ক্ৰিষ্টিয়ানো ৰণাল্ডো ফুটবল জগতৰ এক শিহৰণকাৰী নাম। দুভৰিৰ চমকেৰে খেলপথাৰত তেওঁ কেৱল চমক দিয়াই নহয় শত্ৰুপক্ষৰো তেওঁ সদায় মূৰৰ কামোৰণি হৈ ৰয় ৷ শেহতীয়াকৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ এটা প্ৰতিমূৰ্তি ভাৰতৰ গোৱা ৰাজ্যত স্থাপন কৰিছে৷ গোৱাৰ সমুদ্ৰ তীৰৰ গাঁও কালাঙ্গুটৰ এখন উদ্যানত ফুটবলৰ ছুপাৰষ্টাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ এটা ডাঙৰ পিতলৰ মূৰ্তি উন্মোচন কৰা হৈছিল। এই মূৰ্তি স্থাপন কৰাৰ মূলতে হ’ল যুৱ-খেলুৱৈসকল তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতলৈ সুনাম কঢ়িয়াই আনিব পাৰে৷ মূৰ্তিটোৰ ওজন প্ৰায় ৪১০ কিলোগ্ৰাম আৰু ইয়াক স্থাপন কৰাৰ উদ্দেশ্য হৈছে খেলুৱৈসকলক অনুপ্ৰাণিত কৰা।

উল্লেখ্য যে, চৰকাৰৰ এই কাণ্ডক কেলাঙ্গুটৰ বাসিন্দাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ঘটনাস্থলীত প্ৰতিবাদকাৰীসকলে ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে, প্ৰতিবাদকাৰীসকলে ৰাজ্যিক কৰ্তৃপক্ষক অৰ্জুন বঁটা বিজয়ী আৰু ভাৰতৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক ব্ৰুনো কৌটিনহোৰ দৰে স্থানীয় ফুটবল কিংবদন্তিক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰে৷ চৰকাৰে স্থানীয় ফুটবলাৰসকলক গুৰুত্ব নিদি ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ প্ৰতিমূৰ্তি স্থাপন কৰা যুক্তি ক’ত বুলি প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে৷পশ্চিম গোৱা ৰাজ্যত স্থাপন কৰা, য’ত ফুটবল যথেষ্ট জনপ্ৰিয়৷ কিন্তু গোৱা পূৰ্বতে পৰ্তুগীজ উপনিবেশ আছিল আৰু ৰাজ্যখন পৰ্তুগালৰ পৰা মুক্ত হোৱাৰ ৬০ বছৰ হৈছে, তাক লৈও জনসাধাৰণৰ মাজত ক্ষোভ আছে।

গোৱাৰ বাসিন্দাসকলে কয় যে, চৰকাৰে স্থানীয় ফুটবল খেলুৱৈসকলক সন্মান জনোৱা উচিত আছিল, বিশেষকৈ ভাৰতৰ ৰাষ্ট্ৰীয় দলত গোৱাৰ পৰা কেইবাজনো খেলুৱৈ আছে, কিন্তু ইয়াৰ পৰিৱৰ্তে ৰোনাল্ডোৰ প্ৰতিমূৰ্তি স্থাপন হোৱাৰ কথা শুনি বৰ হতাশ হৈছো। সমীৰ নায়েক আৰু ব্ৰুনো কৌটিনহোৰ দৰে আমাৰ নিজৰ আইকনৰ ওপৰত চৰকাৰে গৌৰৱ কৰিবলৈ শিকক৷

Leave A Reply