Breaking

পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতা ধেমাজি জিলা পৰ্যায়ত গোগামুখ নলবাৰী চেম্পিয়ন

0 1,616

সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’বলগা পিলিক চৌধুৰী আন্তঃজিলা ১৪ বছৰ অনুৰ্ধ্বল ধেমাজি জিলা ভিত্তিত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাত গোগামুখ মিংমাং নলবাৰী হাইস্কুল চেম্পিয়ন হৈছে৷ আজি গোগামুখ নগৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা চূড়ান্ত নিৰ্বাচনী ফাইনেল খেলত নলবাৰী হাইস্কুলে চিমেনমুখ হাইস্কুলক ৪-১ গলৰ ব্যবধানত পৰাস্ত কৰি ধেমাজি জিলা ভিত্তিত চেম্পিয়ন হোৱাৰ লগতে পিলিক চৌধুৰী আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত৷অংশগ্ৰহণৰ সুবিধা লাভ কৰে৷

উল্লেখনীয় যে, নলবাৰী হাইস্কুলৰ ছাত্ৰ তথা আটাইকেইগৰাকী খেলুৱৈ গোগামুখ স্পৰ্ট একাডেমীত ফুটবল প্ৰশিক্ষণ লৈ থকা খেলুৱৈ আৰু এইমৰ্মে নলবাৰী হাইস্কুল দলৰ খেলুৱৈ সকলৰ ওচৰত কোনো এখন বিদ্যালয়ৰ দলে খেলসমূহত ভালদৰে প্ৰতিদন্দিতাই আগবঢ়াব নোৱাৰিলে৷ নলবাৰী হাইস্কুল দলে মুঠ তিনিখন খেলত মুঠ ১৫ টা গল দিবলৈ সক্ষম হয়৷

Leave A Reply