Breaking

গোগামুখ জ্যেষ্ঠ নাগৰিক সন্থাৰ প্ৰশংসনীয় পদক্ষেপ; ৰঙালী বিহু উপলক্ষে দুই শিক্ষাবিদক সম্বৰ্ধনা 

0 56

জ্যেষ্ঠজনক সন্মান, সেৱা আৰু কনিষ্ঠক মৰম এইটো আমাৰ মানৱ সভ্যতাৰ  কৌটিকলীয়া পৰম্পৰা তথা সংস্কৃতি৷ কিন্তু যন্ত্ৰবত  সমাজ ব্যৱস্থাত এই সন্মান, আদৰ, সেৱা, মৰম আদি পৰম্পৰা-সংস্কৃতিবোৰ ক্ৰমান্বয়ে বিলুপ্ত হ’বলৈ ধৰিছে৷

এই বিলুপ্ত হ’ব ধৰা সংস্কৃতিক পুনৰাই উভতাই আনিবলৈ গোগামুখৰ বহুকেইগৰাকী অৱসৰী চৰকাৰী চাকৰিয়াল আৰু সমাজৰ একাংশ সু-চিন্তকে সোমবাৰে গোগামুখৰ দুগৰাকী বিশেষ ব্যক্তিক আগন্তুক ৰঙালী বিহুৰ উপলক্ষে আদৰ-সন্মান জনোৱাৰ লগতে সম্বৰ্ধনা জনাই৷

সুদক্ষ আৰক্ষী বিষয়া তথা অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক পূণ্যেশ্বৰ দলে আৰু অৱসৰপ্ৰাপ্ত শিক্ষক শৈলেন বৰুৱাৰ নেতৃত্বত আজি দুই শিক্ষাবিদ তথা গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মুখ্যনাথ পাতিৰ আৰু কচুতলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বগীৰাম পাংগিঙক একোখনকৈ ফুলাম গামোচা আৰু ফুলৰ থোপাৰে দুয়োজনৰে ঘৰত গৈ সম্বৰ্ধনা জনোৱা হয়৷

দুয়োগৰাকীৰে বয়স বৰ্তমান ৮৭ বছৰ৷ দুয়োগৰাকীয়ে গোগামুখৰ ঐতিহ্যমণ্ডিত বিদ্যালয় গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক আছিল৷ কেৱল শৈক্ষিক দিশতে নহয়  বৃহত্তৰ গোগামুখ অঞ্চলৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰতো  সবলভাৱে বহুদিন ধৰি জৰিত থাকি গোগামুখৰ সামাজিক-সাংস্কৃতিক দিশত সন্মানজনক স্থানলৈ আগুৱাই নিয়া দুয়োগৰাকী  ব্যক্তিয়ে ৰঙালী বিহুৰ উপলক্ষে জেষ্ঠ নাগৰিক সন্হাই সম্বৰ্ধনা তথা সন্মান জনোৱাত আৱেগিক আৰু আপ্লুত হৈ পৰে৷ 

অনুষ্ঠানত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ  অৱসৰপ্ৰাপ্ত অধ্যাপক ড° মহেন্দ্ৰ বৰগোঁহাই, ভেবেলী এম ভি স্কুলৰ অৱসৰপ্ৰাপ্ত  শিক্ষক নোমল চুতীয়া, গোগামুখ পমুৱা প্ৰাথমিক বিদ্যালয়ৰ  প্ৰধান শিক্ষক বলৰাম দলে, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ৰামচন্দ্ৰ দলে,  গোগামুখ চুমনি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিমল দলে, ধেমাজি নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক চন্দ্ৰ দলে, কবি-গীতিকাৰ মুহিৰাম পেগু,  অৱসৰপ্ৰাপ্ত শিক্ষক কীৰ্তিক বৰগোঁহাই, কচুতলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মিঠাৰাম বৰগোঁহাই আদিয়ে৷

Leave A Reply