Breaking

গোগামুখ স্পৰ্ট্‌ছ্ একাডেমী ফাইনেলত

0 2,042

মিচিং জাতীয় সংগঠন টি এম পিকেৰ উদ্যোগত ধেমাজি জিলাৰ মাছখোৱাৰ ব্লক খেলপথাৰত অনুষ্ঠিত হৈ থকা আমন্ত্ৰণি মূলক প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা ছেমিফাইনেলত গোগামুখ স্পৰ্টছ্ একাডেমীয়ে গ’লৰ বন্যা বোৱাই ডিব্ৰুগড় নীলাচল এফ চিক ৭-4 গ’লৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ৷ আক্ৰমণ-প্ৰত্যাক্ৰমনেৰে ভৰা উত্তেজনপূৰ্ণ খেলখনত বিজয়ী গোগামুখ স্পৰ্টছ্ একাডেমীৰ হৈ মুছুকা বসুমতাৰী-১, ছনম বসুমতাৰী-১, কৰূপ সোনোবাল-১ আৰু মিটিংগা দৈমাৰীয়ে হেট্ৰিকসহ ৪ গল কৰিবলৈ সক্ষম হয় ৷ ফাইনেলত খেলখন ১৯ নৱেম্বৰত গোগামুখ স্পৰ্টিছ্ একাডমীয়ে টেঙাখাট এফ চিৰ বিৰুদ্ধে ফাইনেলত মুখামুখি হ’ব ৷

Leave A Reply