২২ মে’২০২৫ঃ- Gogamukh । গোগামুখ নগৰখনৰ লগতে নগৰখনৰ আশে-পাশে থকা অঞ্চলসমূহৰ উন্নয়ন আৰু ইয়াৰ চৌপাশৰ পৰিৱেশ নিকা তথা পৰিস্কাৰ-পৰিছন্ন কৰি ৰখাৰ উদ্দেশ্যে গঠন কৰা গেগামুখ উন্নয়ন সমিতি চমুকৈ জি ডি চিয়ে তেওঁলোকৰ উন্নয়নমুখী যাত্ৰা অব্যাহত ৰাখিছে ৷
এই উন্নয়ন মুখী যাত্ৰাৰ অংশ হিচাপে চলিত মাহৰ ২৫ মে’ত জি ডি চি উদ্যোগত আৰু আবতানি ন্যাসৰ সহযোগত গোগামুখত এখনি সচেতন নাগৰিক সভাৰ আহ্বান কৰিছে ৷ ধেমাজি জিলাৰ গোগামুখ আবতানি লত্তাত বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিতব্য উক্ত সচেতন নাগৰিক সভাত গ্ৰীন গোগামুখ, ক্লীন গোগামুখ শীৰ্ষক সাংস্কৃতিক জি অনুষ্ঠানৰো আয়োজন কৰিছে ৷ জি ডি চিৰ তৰফৰ পৰা আমাক জনোৱা মতে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৰামৰ্শৰ ভিত্তিত আয়োজিত উক্ত সচেতন নাগৰিক সভা মুলতঃ গোগামুখবাসীৰ সাম্প্ৰতিক সমস্যা আৰু ইয়াৰ বিজ্ঞানসন্মত তথা দীৰ্ঘস্থায়ী সমাধানৰ ওপৰত বিতংকৈ আলোচনা হ’ব ৷
তেওঁলোকে লগতে জনোৱা মতে উক্ত দিনা সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান শুভাৰম্ভ কৰিব মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই ৷ উক্ত সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভাই ৷ অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব গোগামুখ গণ নাট্য বাহিনী, দুমৗৰ নাট্যগোষ্ঠী, বৃহত্তৰ গোগামুখ নাৰী মঞ্চ, কবি-গীতিকাৰ মুহিৰাম পেগু, পূণ্যপ্ৰসাদ শৰ্মা, নাট্যকাৰ- পৰিচালক দীবাকৰ পেগু, দিব্যজ্যেতি ভৰালী, আকাশদ্বীপ, পঞ্চজ্যেতি বৰদলৈ, উদয় স্বৰ্গীয়াৰী, ভেৰনীকা স্বৰ্গীয়াৰী, জ্যোৰ্তিময় বৰা আৰু দেব টাইদে ৷ গোগামুখ উন্নয়ণ সমিতিৰ তৰফৰ পৰা উক্ত সচেতন নাগৰিক সভা আৰু সাংস্কৃতিক অনুষ্ঠানত সমূহ গোগামুখবাসীৰ উপস্থিত আৰু সহায়-সহযোগ কামনা কৰিছে ৷