Breaking

গোগামুখত টাইকোৱানডো ওৱান ৰেড বেল্ট পৰীক্ষা সম্পন্ন

0 54

ধেমাজি জিলাৰ গোগামুখত ধেমাজি জিলা টাইকোৱানডো সন্হাৰ আতিথ্যত উত্তৰ অসম মণ্ডলৰ টাইকোৱানডো ওৱান ৰেড বেল্ট পৰীক্ষা আজি সুকলমে সম্পন্ন হৈ যায় ৷ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১৮ আৰু ১৯ ডিচেম্বৰত অনুষ্ঠিত হোৱা উক্ত ওৱান ৰেড বেল্ট পৰীক্ষাত শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাৰ মুঠ ১০০ গৰাকী খেলুৱৈ পৰীক্ষাত অৱতীৰ্ণ হয় ৷

পৰীক্ষাত উত্তৰ অসম মণ্ডলৰ টাইকোৱানডোৰ সম্পাদক সূৰ্য কুমাৰ দাসে পৰীক্ষক আৰু অভিজিৎ গগৈয়ে সহকাৰী পৰীক্ষক, কৃষ্ণকান্ত গগৈয়ে পঞ্জীয়ক আৰু পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে খগেন কোৱৰ আৰু হৰেণ ভূমিজে ৷

Leave A Reply